Mob lynching : ছাগলী চোৰৰ সন্দেহত তিনি যুৱকক গণপ্ৰহাৰ - গৌৰীসাগৰত গণপ্ৰহাৰৰ ঘটনা
🎬 Watch Now: Feature Video


Published : Oct 25, 2023, 10:11 AM IST
|Updated : Oct 25, 2023, 11:14 AM IST
আমগুৰি, ২৫ অক্টোবৰ: দুৰ্গোৎসৱৰ বিজয়া দশমীৰ উলহ মালহৰ মাজতে শিৱসাগৰৰ গৌৰীসাগৰত গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে ৷ ছাগলী চোৰৰ সন্দেহত তিনি যুৱকক গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনা পোহৰলৈ আহিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে দিনৰ ভাগত গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামতিয়ালত একাংশ লোকে তিনি যুৱকক ছাগলী চোৰৰ সন্দেহত আৱদ্ধ কৰি ৰাখে । নামতিয়ালৰ ৱাকচুং-নআলি পথৰ কাষত তিনি যুৱকক গছত বান্ধি প্ৰায় দুশৰো অধিক লোকে ঘেৰাও কৰে ।
জানিব পৰা মতে কালুগাঁও গায়ন গাঁৱৰ মিলন জ্যোতি ভূঞা, শলগুৰিৰ পৰাণ দত্ত আৰু নামতি মেজেঙাৰ প্ৰশান্ত গগৈক একাংশ লোকে আৱদ্ধ কৰি চোলা ফালি গছত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । তাৰ পিচতে গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে ৷ স্থানীয় লোকে কোৱা অনুসৰি অঞ্চলটোত যোৱা কিছুদিন ধৰি ছাগলী চুৰ হৈ আহিছিল । ফলত একাংশ লোক সন্দিহান হৈ আছিল ।
খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ তিনি যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । গৌৰীসাগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । অভি-নীল কাণ্ডৰ লগতে ৰাজ্য জোকাৰি যোৱা কেইবাটাও ঘটনা সংঘটিত হোৱাৰ পিচতো শিক্ষা লোৱা নাই একাংশ লোকে । আইন হাতত তুলি লৈ সন্দেহবশতঃ মাৰপিট কৰা ঘটনা যেন আজি সুলভ হৈ পৰিছে ।
লগতে পঢ়ক: Guwahati murder case: প্ৰথমে হানি খুচি হত্যা, পিচত মৃতদেহক গুৰিয়ালে হত্যাকাৰীয়ে