Amrit Kalash Yatra :হাপজান উন্নয়ন খণ্ডত অমৃত কলহ যাত্ৰাত বিধায়ক সুৰেণ ফুকন - হাপজন উন্নয়ন খণ্ডত অমৃত কলহ যাত্ৰা
🎬 Watch Now: Feature Video


Published : Oct 14, 2023, 6:07 PM IST
তিনিচুকীয়া, ১৪ অক্টোবৰ: হাপজান উন্নয়ন খণ্ডত অমৃত কলহ যাত্ৰাৰ আজি অন্তিম দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । হাপজান উন্নয়ন খণ্ডৰ অধীনৰ আটাইকেইটা পঞ্চায়তৰ পৰা সংগ্ৰহ কৰি অনা মাটিভৰ্তি কলহ লৈ মাকুম বাইপাছৰ পৰা এক সমদল উলিওৱা হয় । উক্ত সমদলটো গাঢ়োৱাল ৰেজিমেন্টৰ এটি দলে মাৰ্চপাষ্ট কৰি আদৰি আনে । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ১২৬ নং ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, স্থানীয় জিলা পৰিষদৰ সদস্যা, ৱাৰ্ড সদস্যাৰ লগতে ব্লকৰ বিষয়ববীয়া তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ লগতে স্থানীয় ৰাইজ ।
আনহাতে, মাকুমত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হাপজান উন্নয়ন খণ্ডৰ কাৰ্যালয়টো উদ্বোধন কৰে ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে । এই কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছতে আগন্তুক দিনসমূহত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হাপজান উন্নয়ন খণ্ডৰ সদস্যাসকলৰ যথেষ্ট সুবিধা হ'ব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক:Attempt to rape case: হাপজান পৰ্বত চাহ বাগিচাত যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ