ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত চাহ শ্ৰমিক-খিলঞ্জীয়াৰ সঁহাৰি নাই : ৰূপজ্যোতি কুৰ্মী - ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা
🎬 Watch Now: Feature Video


Published : Jan 18, 2024, 8:22 PM IST
যোৰহাট, 18 জানুৱাৰী : মৰিয়নী সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে যোৰহাট নগৰলৈ আৰম্ভ কৰা ন্যায় যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতিয়ে । ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ৰাহুল গান্ধীয়ে মৰিয়নীৰ পৰা উলিওৱা ন্যায় যাত্ৰাত ৰাইজৰ সঁহাৰি নাই ৷
বিশেষকৈ চাহ শ্ৰমিক ৰাইজ আৰু খিলঞ্জীয়া লোকসকলে এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ নাই । ন্যায় যাত্ৰাত মানুহৰ সমাগম নথকা বাবে বিজেপিয়ে উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলৰ মাজত আৰ্থিক অনুদান বিতৰণ কৰাৰ সভাতেই ৰাহুল গান্ধীয়ে প্ৰৱেশ কৰে বুলি মন্তব্য কৰে বিধায়ক ৰূপজ্যোতিয়ে ৷
লগতে তেওঁ কয় যে পিচত বিজেপিৰ পতাকা দেখি উক্ত স্থান ত্যাগ কৰে । ৰাইজৰ সঁহাৰি নথকা বাবে ৰাহুল গান্ধীয়ে উক্ত যাত্ৰাৰ বাবে অনা বাহনত আধা ঘন্টা ঠাইত দুঘন্টা সময় অতিবাহিত কৰে ।
উল্লেখ্য যে, উত্তৰ পূবক সামৰি বাহিৰ কৰাৰ ন্যায় যাত্ৰাত ৰাইজৰ সঁহাৰি অভূতপূৰ্ব আছিল বুলি ভিডিঅ’ ফুটেজত স্পষ্ট হৈ পৰা দেখা গৈছে আৰু ন্যায় যাত্ৰাত শংকিত হৈ প্ৰশাসনে পথৰ অনুমতি দিয়াত অনিহা প্ৰকাশ কৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে । আজি ৰাহুল গান্ধীয়ে নিমাতী কুমাৰ গাঁৱত নিশা কটায় শুক্ৰবাৰে মাজুলীলৈ ৰাওনা হ’ব ।
লগতে পঢ়ক : গান্ধী পৰিয়ালক ডুপ্লিকেট পৰিয়াল আখ্যা মুখ্যমন্ত্ৰীৰ