Durga Puja 2023 : নগাঁৱত তিনিটা শিতানত পূজা সমিতিয়ে পাব পুৰস্কাৰ - নগাঁও পৌৰসভা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:17 PM IST

নগাঁও, 20 অক্টোবৰ : শাৰদীয় দুৰ্গা পূজাক লৈ নগাঁও পৌৰসভাৰ সভাকক্ষত সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ সংবাদমেলত পূজা সমিতিসমূহলৈ পুৰস্কাৰ ঘোষণা নগাঁও পৌৰসভাৰ ৷  

তিনিটা বিভাগত প্ৰদান কৰা হ’ব পুৰস্কাৰ ৷ পূজা মণ্ডপ, প্ৰতিমা,আৰু স্বচ্ছতাৰ ভিত্তিত প্ৰদান কৰা হ’ব পুৰস্কাৰ ৷ শ্ৰেষ্ঠ মণ্ডপত তিনিটা পুৰস্কাৰ, শ্ৰেষ্ঠ প্ৰতিমাৰ শিতানত তিনিটা পুৰস্কাৰ আৰু স্বচ্ছতাৰ ওপৰতো তিনিটা পুৰস্কাৰৰ ব্যৱস্থা কৰিছে নগাঁও পৌৰসভাই ৷  

দশমীৰ পৰিৱৰ্তে এইবাৰ দশমীৰ দুদিনৰ পিছত প্ৰদান কৰা হ’ব পুৰস্কাৰ সমূহ ৷ স্বচ্ছতাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও পৌৰসভাই ৷ সংবাদমেলৰ অন্তত নগাঁও চহৰত গছত আৰু আৰু পথত পানী দিয়াৰ হেতু পৌৰসভাৰ এখনি আটকধুনীয়া পানী টেংকাৰ মুকলি কৰে বিধায়কগৰাকীয়ে ৷ 

লগতে পঢ়ক : Durga Puja 2023: যোৰহাটত ঢাকৰ তালে তালে কলকাতাৰ শিল্পীৰ নৃত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.