Ek Tarikh Ek Ghanta EK Sath: নগাঁৱত স্বচ্ছতাৰ বাবে এক ঘণ্টাত বিধায়ক ৰূপক শৰ্মা - এক তাৰিখ এক ঘন্টা এক সাথ
🎬 Watch Now: Feature Video


Published : Oct 1, 2023, 2:23 PM IST
নগাঁও,১ অক্টোবৰ: নগাঁৱত ১ অক্টোবৰৰ পুৱাই চাফাই কর্মীৰ ৰূপত দেখা গ'ল বিধায়ক ৰূপক শৰ্মা, জিলা প্ৰশাসনৰ বিষয়া, পৌৰসভাৰ প্ৰতিনিধি বিষয়াক । 'এক তাৰিখ এক ঘন্টা এক সাথ' শীৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে নগাঁৱতো দেওবাৰে পুৱাই নগাঁও চহৰৰ চাফাই অভিযানত নামিল বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত আয়ুক্ত সত্যজিৎ চেতিয়া, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ উপ পৌৰপতি সীমান্ত বৰাসহ বিষয়া সকল ।
স্বচ্ছতাৰ বাবে এঘণ্টীয়া শ্ৰমদান কাৰ্যসূচীত নগাঁও চহৰৰ হয়বৰগাঁও বজাৰত হাতে হাতে ঝাড়ু লৈ চাফাই চলোৱা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও চহৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ ৰাইজকো আহ্বান জনায় বিধায়ক ৰূপক শৰ্মাই ।