thumbnail

সুস্থ শৰীৰে নিজ গৃহত উপস্থিত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

By

Published : Oct 8, 2022, 2:08 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

সুস্থ শৰীৰে নিজগৃহলৈ উভতিলে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা (MLA Punakan Boruah at Moran) ৷ বিগত এমাহ ধৰি উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা । ৰোগীয়া অৱস্থাত অসম চৰকাৰৰ ফালৰ পৰা তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অৱস্থাৰ বুজ লৈ অহাৰ লগতে মানসিকভাৱে প্ৰেৰণা যোগোৱা বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ শনিবাৰে পুৱাই বিধায়কগৰাকীয়ে ৰাজধানী এক্সপ্ৰেছেৰে তিনিচুকীয়া জংচনত উপস্থিত হোৱাৰ পিছতেই তেওঁক দলীয় কৰ্মীয়ে আদৰণি আনে ৷ বিধায়কগৰাকীয়ে কৰ্মীসকলৰ লগত মত বিনিময় কৰি সকলোৰে খবৰ লয় ৷ তেওঁ চিকিৎসাধীন অৱস্থাত ৰাইজ আৰু দলীয় কৰ্মীয়ে বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰি সেৱা প্ৰাৰ্থনা জনাইছিল ৷ সেইবাবেই ৰাইজৰ আশীৰ্বাদত স্বগৃহত উপস্থিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ অৱশ্যে বিধায়কগৰাকী এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ৷ তেওঁৰ বৰ্তমান চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.