HSLC result 2023: ডিব্ৰুগড়ৰৰ শিক্ষাৰ্থীৰ সাফল্য়ত উৎফুল্লিত বিধায়ক প্ৰশান্ত ফুকন - Assam HSLC result 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 22, 2023, 10:08 PM IST

মৰাণ, ২২ মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় জিলাৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবছৰেই শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয় । পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিলে ডিব্ৰুগড়ৰ ছাত্ৰ-ছাত্ৰীয়ে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ ফলাফলক লৈ আনন্দিত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন (MLA Prashant Phukan)।  

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক বিধায়ক প্ৰশান্ত ফুকনে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত এই যাত্ৰা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনায় (Assam HSLC result 2023)।

উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে চতুৰ্থ, ষষ্ঠ, নৱম স্থানত উজলিল ডিব্ৰুগড়ৰ ছাত্ৰ-ছাত্ৰী (Top 3 of HSLC in Dibrugarh)। জিলাখনৰ দুলীয়াজানৰ ছেইন্ট জেভিয়াৰ স্কুলৰ স্বাতী কিৰণ গগৈয়ে চতুৰ্থ স্থান লাভ কৰাৰ লগতে লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বনশ্ৰী গগৈয়ে নৱম আৰু ডিব্ৰুগড় ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অক্ষয় কায়ালে ষষ্ঠ দখল কৰে ।

লগতে পঢ়ক:HSLC results 2023: মেট্ৰিকত শীৰ্ষস্থান প্ৰাপ্ত হৃদম ঠাকুৰীয়াৰ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী অশোক সিংহলে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.