thumbnail

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:44 PM IST

ETV Bharat / Videos

Amrit Kalash Yatra: অমৃত কলহ হাতত লৈ ৰাইজৰ ঘৰে ঘৰে মাটি সংগ্ৰহ বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়, 23 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অংশস্বৰূপে অসমতো ‘অমৃত কলহ যাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্য চৰকাৰে  । ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে ডিব্ৰুগড় চহৰতো আৰম্ভ হৈছে এই কাৰ্যসূচী ।  

শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় পৌৰসভাত ‘অমৃত কলহ যাত্ৰা’ শুভাৰম্ভ কৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । ডিব্ৰুগড়ত ‘অমৃত কলহ’ হাতত লৈ ৰাইজৰ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে ।  

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক প্ৰশান্ত ফুকনে কয়, ‘‘এই কাৰ্যসূচী ৰূপায়ণ কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ জনতাক একত্ৰিত কৰি ৰাখিব খুজিছে ।’’ দেশৰ প্ৰধানমন্ত্ৰীৰ এই প্ৰচেষ্টা সফল হ'ব বুলিও কয় বিধায়কগৰাকীয়ে ।  

ডিব্ৰুগড়ত এই কাৰ্যসূচীত ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি, পৌৰসভাৰ ৱাৰ্ড সদস্যসকলৰ লগতে ডিব্ৰুগড়ৰ কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Debabrata Saikia: কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত ব্যাপক দুৰ্নীতিৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.