Cabinet status to Prasanta Phukan: কেবিনেট মৰ্যাদা পোৱাৰ পাছতো ছিকিউৰিটী নলয় প্ৰশান্ত ফুকনে

By

Published : Oct 11, 2022, 1:37 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কেবিনেট পৰ্যায়ৰ মৰ্যাদা লাভ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (Assam Industrial Infrastructure Development Co)। কেবিনেট পৰ্যায়ৰ মৰ্যাদা লাভ কৰাৰ পাছতে আজি ডিব্ৰুগড়ত উপস্থিত হ'ল ডিব্ৰুগড়ৰ বিধায়কগৰাকী(MLA Prasanta Phukan) । অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কেবিনেট পৰ্যায়ৰ মৰ্যাদা লাভ কৰি আনন্দিত হৈ পৰে বিধায়ক ফুকন । অৱশ্যে কেবিনেট মৰ্যাদা পোৱাৰ পাছতো নিৰাপত্তাৰক্ষী গ্ৰহণ নকৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । পূৰ্বৰ দৰে ৰাইজৰ লগতে থাকিব বিচাৰে ডিব্ৰুগড়ৰ চাৰিবাৰৰ বিধায়কগৰাকীয়ে । নিৰাপত্তাৰক্ষী গ্ৰহণৰ প্ৰসংগত বিধায়কগৰাকীয়ে কয় , 'পুনৰ আৰু নতুন চোলা নিপিন্ধো ৷ ১৮ বছৰে ৰাইজৰ লগত এইদৰে আছো আৰু আগন্তক দিনকেইটায়ো এনেকৈয়ে থাকিম ৷' কিন্তু চৰকাৰে দিয়া কেবিনেটৰ সা-সুবিধাসমূহ গ্ৰহণ কৰিব বুলি বিধায়ক প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত মতামত প্ৰকাশ কৰে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.