thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 3:55 PM IST

Updated : Oct 7, 2023, 4:44 PM IST

ETV Bharat / Videos

MLA Nurul Huda : ৰাৱণে বোলে সীতাৰ বস্ত্ৰহৰণ কৰিছিল ! ৰামায়ণৰ নতুন ব্যাখ্যা বিধায়ক নুৰুল হুদাৰ

নগাঁও, 7 অক্টোবৰ: জিভা পিচল খোৱাটো যিদৰে ভয়ংকৰ, সেইদৰে অল্পবিদ্যাও ভয়ংকৰ ৷ শেহতীয়াকৈ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই কৰা এক মন্তব্যই সচেতন মানুহক স্তম্ভিত কৰিছে ৷ পিছে বহু ৰাজনৈতিক নেতাৰ দৰে নুৰুল হুদাই কৰা এই মন্তব্য প্ৰকৃততে জিভা পিচল খায়েই মুখেৰে ওলাল নে তেওঁৰ অল্পবিদ্যাৰ বহিঃপ্ৰকাশ সেয়া এতিয়াও পৰিস্কাৰ হোৱা নাই ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাম সজাবলৈ গৈ ৰাৱণে সীতাৰ বস্ত্ৰহৰণ কৰা বুলি মন্তব্য কৰিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷ বিজেপিক কটাক্ষ কৰিবলৈ গৈ বিধায়কগৰাকীয়ে কয় যে, ৰাৱণে সীতাক অপহৰণ কৰি বস্ত্ৰহৰণ কৰিছিল ৷ লগতে তেওঁ কয় যে বিজেপি দলতহে সীতাক অপহৰণ কৰি বস্ত্ৰহৰণ কৰা ৰাৱণ আছে ৷ আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাম আখ্যা দিলে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, শেহতীয়াকৈ বিজেপিয়ে ৰাহুল গান্ধীক ৰাৱণ হিচাবে সজাই সামাজিক মাধ্যমত প্ৰচাৰ চলাইছিল ৷ বিজেপিৰ উক্ত কাৰ্যত ক্ষুন্ন হৈ শনিবাৰে নগাঁৱত ৰূপায়ণ হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনে অবান্তৰ মন্তব্য কৰে বিধায়ক নুৰুল হুদাই ৷

লগতে পঢ়ক: Congress Protest: ৰাহুল গান্ধী ৰাৱণ ! ক্ষুব্ধ কংগ্ৰেছীয়ে প্ৰতিবাদেৰে কঁপালে গুৱাহাটী

Last Updated : Oct 7, 2023, 4:44 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.