thumbnail

By

Published : Aug 11, 2023, 10:55 PM IST

ETV Bharat / Videos

Constituency delimitation: মঙলদৈ লোকসভা সমষ্টিৰ নাম দৰং-ওদালগুৰি হোৱাত অসন্তুষ্ট বিধায়ক মজিবুৰ ৰহমান

দৰং, 11 আগষ্ট: মঙলদৈ লোকসভা সমষ্টিৰ নাম সলনি কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টি হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক মজিবুৰ ৰহমানে ৷ এই সন্দৰ্ভত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মঙলদৈৰ নাম সলনি হোৱাটো মানি ল’ব পৰা নাই ৷ মঙলদৈ নামটোৰ লগত দৰঙবাসীৰ আবেগ-অনুভূতি জড়িত হৈ আছে ৷ বহুতে মানি ল’ব পৰা নাই এই সিদ্ধান্তক ৷

তেওঁ আৰু কয় যে কিন্তু নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্ত মানি লোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাই ৷ দলগাঁও সমষ্টিত নতুনকৈ সংযোজন হোৱা কেইবাটাও গাঁও পঞ্চায়তৰ জনসংখ্যাকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক মজিবুৰ ৰহমানে ৷ তেওঁ কয়, ‘‘2021 চনৰ গননা অনুসৰি প্ৰায় 3 লাখ 18 হাজাৰ লোক দলগাঁও সমষ্টিটোত অন্তৰ্ভুক্ত হৈছে । অইন দুটা সমষ্টি ক্ৰমে মঙলদৈ আৰু চিপাঝাৰ সমষ্টিত তুলনামূলকভাৱে জনসংখ্যাৰ হাৰ কম ৷’’

লগতে পঢ়ক: Constituency Delimitation: চৰকাৰৰ অধিকাংশ পৰামৰ্শ মানি আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.