ETV Bharat / international

নাইজেৰিয়াৰ নাও দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু; ১০০ৰো অধিক সন্ধানহীন - NIGERIA BOAT ACCIDENT

নাইজেৰিয়াৰৰ নাও দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে বৰ্তমানেও ১০০ৰো অধিক লোক সন্ধানহীন হৈ আছে ৷

boat capsized in Nigeria several people died and more than 100 are missing
নাও দুৰ্ঘটনা বহু লোকৰ মৃত্যু (AP)
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 10:52 AM IST

আবুজা : শুকুৰবাৰে উত্তৰ নাইজেৰিয়াৰ নাইজাৰ নদীত সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত ২৭ জন লোকৰ মৃত্যু হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা মতে, দুৰ্ঘটনাত পতিত হোৱা নাওখন খাদ্য বজাৰলৈ গৈ আছিল । এই ঘটনাৰ ফলত ১০০ৰো অধিক লোক সন্ধানহীন হৈ আছে । এই ঘটনাত আহত বা নিহতৰ ভিতৰত অধিকাংশই মহিলা আছিল বুলি বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰিছে ৷

নাইজাৰৰ ৰাজ্যিক জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ মুখপাত্ৰ ইব্ৰাহিম আউডুৱে দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, নাওখনত প্ৰায় ২০০ জন যাত্ৰী আছিল । ই কোগি ৰাজ্যৰ পৰা চুবুৰীয়া নাইজাৰ ৰাজ্যলৈ গৈ আছিল । বাতৰি লিখা পৰলৈকে, এই নাওখন কিয় দুৰ্ঘটনাত পতিত হ’ল সেই সন্দৰ্ভত কোনো কাৰণ জানিব পৰা হোৱা নাই ।

কোগি ৰাজ্যিক জৰুৰীকালীন সেৱাৰ মুখপাত্ৰ চেণ্ড্ৰা মোজেছৰ মতে, শুকুৰবাৰে সন্ধিয়ালৈকে উদ্ধাৰকাৰী দলে নদীৰ পৰা ২৭টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ প্ৰায় ১২ ঘণ্টাৰ পাৰ হ’ল ৷ তথাপিও স্থানীয় বহু ডুবাৰুৱে এতিয়াও সন্ধানহীন হৈ থকা লোকক বিচাৰি অভিযান চলায়ে আছে ৷

বিভাগীয় কৰ্তৃপক্ষই নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ কোনো কাৰণ নিশ্চিত কৰা নাই যদিও স্থানীয় কিছু সংবাদ মাধ্যমে নাওখনত থকা অতিৰিক্ত বোজাৰ বাবেই উক্ত ঘটনাটো সংঘটিত হোৱা বুলি মত প্ৰকাশ কৰিছে ।

নাইজেৰিয়াৰ বহু লোকে উল্লেখ কৰা মতে, এই দুৰ্গম অঞ্চলত নাৱেৰে অতিমাত্ৰা ভাৰ কঢ়িওৱাটো সাধাৰণ কথা ৷ কাৰণ নাৱেৰে যাত্ৰা কৰাৰ বাহিৰে উক্ত অঞ্চলৰ লোকৰ বাবে অন্য বিকল্প পথ নাই । ৰাজ্যখনত নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ কাৰ্যকলাপৰ দায়িত্বত থকা জাষ্টিন উৱাজুৰ’নীয়ে জনোৱা মতে, শুকুৰবাৰে সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰী দলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি উদ্ধাৰ অভিযানত নিয়োজিত আছিল ।

লগতে পঢ়ক : ঘূৰ্ণীবতাহ ফেংগালৰ প্ৰভাৱ : জোৱাৰৰ সৈতে উপকূলীয় অঞ্চলত বতৰৰ পৰিৱৰ্তন, তামিলনাডুত বৰষুণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.