কনটেক্ট লেন্স কেৱল চশমাৰ বিকল্প হিচাপেই নহয়, ফেশ্বন বিকল্প হিচাপেও ব্যৱহাৰ কৰা হয় ৷ এয়া দৰাচলতে সৰু সৰু স্বচ্ছ প্লাষ্টিকৰ ডিস্কৰ দৰে, যি চকুৰ মণিত ৰখা হয় ৷ চশমাৰ সলনি কনটেক্ট লেন্স এক অদৃশ্য বিকল্প যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাই নহয় চকুক আকৰ্ষণীয় ৰূপ দিয়ে ৷ বজাৰত বিভিন্ন ধৰণৰ কনটেক্ট লেন্স পোৱা যায় যিবোৰ বিভিন্ন সময়ৰ বাবে ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হয়, কিছুমান এবাৰ ব্যৱহাৰৰ বাবে আনহাতে কিছুমান বেছি সময়ৰ বাবে ব্যৱহাৰ কৰা হয় ৷ কিন্তু কনটেক্ট লেন্সবোৰ নম্বৰযুক্ত হওক বা বেলেগ বেলেগ ৰঙৰ হওক, যিবোৰ মূলতঃ ফেশ্বনৰ বাবে চকুৰ মণিৰ ৰং সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়, ইয়াৰ ব্যৱহাৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়া আৰু সাৱধান হোৱাটো অতি প্ৰয়োজনীয় ৷ কনটেক্ট লেন্স ব্যৱহাৰৰ ক্ষেত্ৰত অলপ অসাৱধানতাও চকুৰ যথেষ্ট ক্ষতি কৰিব পাৰে ৷ সেয়ে কনটেক্ট লেন্স সঠিকভাৱে আৰু সকলো সাৱধানতাৰ সৈতেহে ব্যৱহাৰ কৰাটো উচিত । আজি এই বিষয়ে নতুন দিল্লীৰ চকুৰ চিকিৎসক ডাঃ নূপূৰ যোশীৰ পৰা বিতংভাৱে জানো আহক-
চিকিৎসকে কি কয় ?
![These are the things to remember before wearing contact lenses](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-11-2024/23010453_aw.jpg)
নতুন দিল্লীৰ চকুৰ চিকিৎসক ডাঃ নূপূৰ যোশীয়ে কয় যে, কনটেক্ট লেন্স ব্যৱহাৰ কৰাৰ সময়ত অলপ অসাৱধানতা থাকিলেও আপোনাৰ চকুৰ গুৰুতৰ ক্ষতি হ’ব পাৰে ৷ কনটেক্ট লেন্স সঠিকভাৱে পৰিধান নকৰা বা ইয়াৰ লগত জড়িত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন নোলোৱাটোৱে চকুত বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, দীৰ্ঘকালীনভাৱে এনে অভ্যাসে চকুৰ দৃষ্টিশক্তিত বেয়া প্ৰভাৱ পেলাব পাৰে ৷
![These are the things to remember before wearing contact lenses](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-11-2024/23010453_sdf.jpg)
চিকিৎসকগৰাকীয়ে কয় যে, ভুলকৈ লেন্স পিন্ধিলে চকুত বিষ আৰু ৰঙা পৰা, বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণ, চকুত কৰ্ণিয়াৰ আলচাৰ বা ঘা, চকুৰ দৃষ্টিশক্তিৰ ওপৰত বিৰূপ প্ৰভাৱ আৰু চকু শুকান বা চকু ড্ৰাই চিনড্ৰম আদিৰ দৰে বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
কনটেক্ট লেন্স পৰিধান কৰাৰ সময়ত কৰা সাধাৰণ ভুল
চিকিৎসক নূপূৰে কয় যে, বহুতে জানি বা অজানিতে কনটেক্ট লেন্স ব্যৱহাৰ কৰাত ভুল কৰে, সাধাৰণ ভুল কিছুমান তলত দিয়া ধৰণৰ ৷
![These are the things to remember before wearing contact lenses](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-11-2024/23010453_sdfv.jpg)
- লেন্স লগোৱাৰ পূৰ্বে হাত পৰিষ্কাৰ নকৰা: লেতেৰা হাতেৰে লেন্স সোমোৱাই দিলে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷
- লেন্স সঠিকভাৱে চাফা নকৰা: নিয়মিতভাৱে লেন্স সঠিক দ্ৰৱত পৰিষ্কাৰ নকৰাটো এটা ডাঙৰ ভুল ৷
- দীৰ্ঘ সময়লৈকে লেন্স পৰিধান কৰা: দীৰ্ঘসময়লৈকে লেন্স পৰিধান কৰিলে চকু শুকান হোৱাৰ লগতে চকুত অস্বস্তিৰ সৃষ্টি হ’ব পাৰে ৷
- লেন্স লগাই শোৱা: লেন্স পিন্ধি শুই থাকিলেও চকুৰ সমস্যা হ’ব পাৰে ৷
- পুৰণি লেন্সৰ ব্যৱহাৰ: ম্যাদ উকলি যোৱাৰ পিচত লেন্স ব্যৱহাৰ কৰিলেও চকুৰ বাবে বিপদজনক হ’ব পাৰে ৷
- সাধাৰণ পানীৰে লেন্স পৰিষ্কাৰ কৰা: ইয়াৰ ফলত চকুৰ সংক্ৰমণৰ সৃষ্টি হ’ব পাৰে ৷
![These are the things to remember before wearing contact lenses](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-11-2024/23010453_wedf.jpg)
কনটেক্ট লেন্স পিন্ধাৰ সঠিক উপায়
ডাঃ নূপূৰে কয় যে, লেন্স সদায় সঠিকভাৱে আৰু সকলো প্ৰয়োজনীয় সাৱধানতাৰে পিন্ধাটো অতি প্ৰয়োজনীয় ৷ লেন্স পৰিধান কৰাৰ সময়ত আমি কিছুমান কথা মনত ৰখাটো যিসমূহ হৈছে তলত দিয়া ধৰণৰ-
![These are the things to remember before wearing contact lenses](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-11-2024/23010453_ef.jpg)
- সদায় পৰিষ্কাৰ আৰু শুকান হাতেৰেহে লেন্স লগোৱাটো উচিত ৷
- চিকিৎসকে পৰামৰ্শ দিয়া দ্ৰৱতহে লেন্স সদায় ৰাখিব লাগে ৷
- প্ৰতিবাৰ ব্যৱহাৰৰ আগতে আৰু পিচত লেন্সবোৰ দ্ৰৱণেৰে(Solution) পৰিষ্কাৰ কৰক ৷
- ৮-১০ ঘণ্টাতকৈ অধিক সময় লেন্স পৰিধান কৰিব নালাগে ৷
- চকুত বিষ বা খজুৱতি হ’লে লগে লগে লেন্স আঁতৰাই দিব লাগে ৷
- চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে লেন্স ব্যৱহাৰ কৰিব লাগে ৷