Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ একপক্ষীয়ভাৱে কৰা হৈছে: খলিল উদ্দিন - Reaction on Constituency delimitation
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, ২২ জুন: ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ অহা ১১ জুলাইলৈকে এই খচৰা সন্দৰ্ভত পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময় সীমা বান্ধি দিয়াৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰে ।
কাটিগড়াৰ কংগ্ৰেছৰ বিধায়ক খলিল উদ্দিন মজুমদাৰে বৰাক উপত্যকাৰ জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজক সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ বিৰুদ্ধে সৰৱ হ'বলৈ আহ্বান জনায় । তেওঁ কয়,"এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম বেলেগ ধৰণে কৰা হৈছে । কোনেও একো নজনাকৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল । আনকি বিজেপিৰ বিধায়কসকলৰ বিষয়েও আলোচনা নহ'ল । সমষ্টি পুনৰ নিৰ্ধাৰণ একপক্ষীয়ভাৱে কৰা হৈছে ।"তেওঁ পুনৰ কয় ,"মোৰ কাটিগড়া সমষ্টিৰ কিছু অঞ্চল বদৰপুৰৰ লগত একত্ৰিত কৰা হৈছে । বদৰপুৰৰ কিছু অঞ্চল কাটিগড়াৰ লগত একত্ৰিত হৈছে । একেদৰে বৰাখলাৰ এটা অংশ কাটিগড়াত যোগ কৰা হয় আৰু কাটিগড়াৰ এটা অংশ বৰাখলাত যোগ কৰিছে । দেখা গৈছে যে আলগাপুৰৰ পৰা এটা অংশ বিচ্ছিন্ন কৰি কাটলিচেৰাৰ লগত একত্ৰিত কৰা হৈছে । একেদৰে কাটলিচেৰাৰ কিছু অঞ্চল আলগাপুৰৰ লগত একত্ৰিত কৰা হৈছে ।"
কাকো খবৰ নিদিয়াকৈ এই কাম কৰা হৈছে বুলি উল্লেখ কৰি বিধায়ক খলিল উদ্দিন মজুমদাৰে কয়,"এটা অদ্ভূত পৰিস্থিতিৰ সৃষ্টি হৈছে । আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ মানি নলওঁ । কাৰণ এই নিৰ্ধাৰণে বৰাকৰ উন্নয়নত ব্যাঘাত জন্মাব । য'ত বৰাকত দুখন আসন বৃদ্ধি কৰিব লাগে,তাত দুখন আসন হ্ৰাস কৰা হৈছে । এইটো আমাৰ বাবে কোনো ধৰণে গ্ৰহণযোগ্য নহয় । এই বিষয়টো আমি ইতিমধ্যে দলৰ ভিতৰতে আলোচনা কৰিছো । আমিও চিন্তা কৰি আছো আদালতলৈ যোৱাৰ । এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত দলৰ নেতৃত্বই ল'ব ।"
লগতে পঢ়ক:Death body recovered in Guwahati: মহানগৰীৰ লখিমী নগৰত উন্মুক্ত নলাত উদ্ধাৰ মৃতদেহ