thumbnail

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:35 PM IST

ETV Bharat / Videos

বিজেপি নেতা লক্ষ্মীনাথ তাছাৰ আক্ৰমণকাৰীৰ কাষ চাপিব পৰা নাই আৰক্ষী

মৰাণ, 8 জানুৱাৰী: চৰাইদেউ জিলা বিজেপিৰ সভাপতিক নিশা দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত । ৩৬ ঘণ্টা উকলি যোৱাৰ পাছতো জিলা আৰক্ষীয়ে আটক কৰিব পৰা নাই চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰা অভিযুক্তক । অভিযোগ মতে সোণাৰিৰ কাষৰীয়া ৰজাবাৰীৰ সুৰা তথা গো মাফিয়া সঞ্জয় শ্বাহৰ নেতৃত্বত সংঘটিত হৈছিল বিজেপি সভাপতি লক্ষ্মীনাথ তাছাক আক্ৰমণৰ ঘটনা । 

কিন্তু ঘটনাৰ দুদিন পাৰ হোৱাৰ পিছতো আৰক্ষীয়ে আক্ৰমণকাৰীক আটক কৰিব নোৱৰাত ঘটনাক লৈ সমগ্ৰ চৰাইদেউ জিলাতে বিৰূপ প্ৰতিক্ৰিয়া অব্যাহত । অপৰাধীক জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ জিলা বিজেপিৰ । দলটোৰ জিলা কাৰ্যালয়ত ৰুদ্ধধাৰ বৈঠক অনুষ্ঠিত হৈছে এই ঘটনাক লৈ । আক্ৰমণকাৰীক অতি সোনকালে আটক কৰিবলৈ আৰক্ষীক আহ্বান জনালে সোণাৰি সমষ্টিৰ বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । 

উল্লেখযোগ্য যে শনিবাৰে নিশা সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত জিলা সভাপতি লক্ষ্মীনাথ তাছাক আক্ৰমণ কৰে উদণ্ড যুৱকৰ দলে । নিশা কাৰ্যালয়ৰ চৌহদত উদণ্ড যুৱকৰ দলে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাত দলটোক বাধা দিবলৈ যাওঁতেই সভাপতিগৰাকীৰ লগতে তেওঁৰ সতীৰ্থক প্ৰহাৰ কৰিছিল উদণ্ড যুৱকৰ দলটোৱে । লক্ষ্মীনাথ তাছাৰ পৰা দলটোৱে মোবাইল ফোনো কাঢ়ি লয় । ইতিমধ্যে সোণাৰি থানাত গোচৰ ৰুজু কৰিছে জিলা বিজেপিৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: কাৰ্যালয়ৰ সন্মুখতে বিজেপিৰ জিলা সভাপতিক দুৰ্বৃত্তৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.