MLA Bhubon Pegu : জেহাদীৰ ঘাটি হৈ পৰিছে কংগ্ৰেছ : ভুৱন পেগু - Bhubon Pegu Reacts on Arrest of MLA Aftab Uddin
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-11-2023/640-480-19978401-thumbnail-16x9-bhuban555.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 8, 2023, 10:21 PM IST
জোনাই, 8 নৱেম্বৰ : সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লা প্ৰসংগত বুধবাৰে জোনাইৰ বিজেপি বিধায়ক ভুৱন পেগুৱে কয় যে কংগ্ৰেছ এতিয়া জেহাদীৰ ঘাটিত পৰিণত হৈছে ৷ নামঘৰীয়া, মন্দিৰৰ পূজাৰীক ধৰ্ষণকাৰী বুলি কবলৈ কুন্ঠাবোধ নকৰা এগৰাকী কংগ্ৰেছী বিধায়ক ৷ কংগ্ৰেছৰ সভাপতিয়েই ভগৱান কৃষ্ণক লাভ জেহাদী বুলি মন্তব্য কৰিছিল, গতিকে আফতাব উদ্দিন মোল্লাৰ দৰে বিধায়কে এনেধৰণৰ মন্তব্য কৰিবই বুলি কয় বিধায়ক পেগুৱে ৷
বিধায়কজনে কয় যে, কংগ্ৰেছ আৰু এআইইউডিফৰ মাজত মিঞা, বাংলাদেশীৰ ভোটৰ কাৰণে প্ৰতিযোগিতা চলিছে ৷ ইছলামিক ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰ কৰি থকা মিঞাক সন্তুষ্ট কৰি থকাৰ বাবে এতিয়া বদৰুদ্দিন আজমল আৰু কংগ্ৰেছে প্ৰতিযোগিতাত নামি পৰিছে বুলি মন্তব্য কৰে বিধায়ক ভুৱন পেগুৱে ৷ বাংলাদেশী মূলৰ মুছলমানে সদায় হিন্দু সভ্যতাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি অসমক ইছলামিক ৰাষ্ট্ৰ গঠনৰ সপক্ষে থিয় দি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছে যদি তেনে পৰিকল্পনাত হাত দিছে তেতিয়া হ’লে বাংলাদেশ নাইবা পেলেষ্টাইনলৈ যাওক ৷
বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ পূৱ আৰু পশ্চিম মণ্ডল জোনাই সমিতিয়ে আয়োজন কৰিছে এক গণ সমাৱেশৰ ৷ জোনাই কৃষ্টি ভৱনৰ প্ৰাংগনত হ’ব লগা এই গণ সমাৱেশত বুথ কমিটিৰ 10 হাজাৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিব ৷ এই সমাৱেশত উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰীকা, ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে বিজেপিৰ কেইবাজনো শীৰ্ষ নেতা ৷ এই সভাস্থলী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ভুৱন পেগুৱে ৷
লগতে পঢ়ক : Aftab Uddin Mollah in police custody: এদিনৰ আৰক্ষীৰ জিম্মালৈ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লা