thumbnail

Loksabha election 2024: বাংলাদেশী মূলৰ ভোট বিজেপিক নালাগে; কংগ্ৰেছক সমালোচনা ভূৱন পেগুৰ

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:27 PM IST

জোনাই, 10 অক্টোবৰ: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে শাসক-বিৰোধীয়ে পৰস্পৰে পৰস্পৰৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে ৷ জোনাইত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক হৈ পৰা দেখিবলৈ পোৱা গ’ল বিধায়ক ভূৱন পেগুক ৷ কংগ্ৰেছ দলটোক সমালোচনা কৰি পেগুৱে কয়, "অসমৰ খিলঞ্জীয়া মানুহৰ মাজত কংগ্ৰেছৰ স্থান নাই । চৰে চৰে গৈ AIUDF ৰ লগত যুদ্ধ নকৰি উপায় নাই । বাংলাদেশী মূলৰ ভোট বিজেপিক নালাগে । চাঙে চাঙে গৈ বিজেপি চৰকাৰৰ উন্নয়নৰ বাদে কি দেখিব ।"

ইয়াৰোপৰি 2014 চনৰ পিছত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে উন্নয়ন সম্ভৱ কৰি তুলিলে বুলিও কয় বিধায়ক ভূৱন পেগুৱে । অসমৰ ভিতৰতে সবাতোকৈ সুন্দৰকৈ জোনাই সমষ্টিতে মথাউৰি নিৰ্মাণ হ’ল বুলি দাবী কৰি জোনাইত যোৱা 60 বছৰে আমাৰ মানুহে মাটিৰ পাট্টা পোৱা নাছিল যদিও বিজেপি চৰকাৰৰ দিনত সেয়া সম্ভৱ হৈ উঠিছে বুলি কয় ।

লগতে পঢ়ক: AMCH: অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ভৱনৰ খহি পৰিল চিলিং, আঘাতপ্ৰাপ্ত নাৰ্চ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.