Bhuban Gam on Congress; বিজেপিৰ মন্ত্ৰী-বিধায়কসকল ৰজা হৰিচন্দ্ৰ দৰে দানবীৰ: ভূৱন গাম - মন্ত্ৰী বিধায়কসকল ৰজা হৰিচন্দ্ৰ দৰে দান বীৰ
🎬 Watch Now: Feature Video


Published : Oct 8, 2023, 1:43 PM IST
মাজুলী, ৮ অক্টোবৰ : ‘‘বিজেপি চৰকাৰৰ দিনত উন্নতি হৈছে ৷ কংগ্ৰেছৰ দিনত এনে হোৱা নাছিল ৷ মাজুলীৰ প্ৰত্যেকজন ৰাইজে জানে যে কংগ্ৰেছৰ দিনত যোৱা ৭০ বছৰে একো হোৱা নাছিল ৷ কংগ্ৰেছে বিজেপি চৰকাৰে নিৰ্মাণ কৰা পথত খোজকাঢ়ি চাওক ৷ কংগ্ৰেছ চৰকাৰ দিনত দুখীয়া ৰাইজৰ বাবে অহা ঘৰসমূহ আধৰুৱা হৈ থাকিল ৷ বৰ্তমান বিজেপি চৰকাৰে নিৰ্মাণ কৰি দিয়া ঘৰসমূহত সোমাই চাওক কংগ্ৰেছে’’ । সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মাজুলীৰ বিধায়ক ভূৱন গামে ৷
লগতে তেওঁ কয়, ‘‘বিজেপিৰ মন্ত্ৰী-বিধায়কসকল একো একোজন ৰজা হৰিচন্দ্ৰ দৰে দানবীৰ ৷ বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে অগ্নিপৰীক্ষা অন্ততহে দায়িত্ব প্ৰদান কৰা হয়’’ । এইবোৰৰ উপৰিও মাজুলীত কংগ্ৰেছে আয়োজন কৰা চাঙে চাঙে কাৰ্যসূচীক লৈয়ো বিধায়ক ভূৱন গামে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
তেওঁ কয়, ‘‘এই চাঙে চাঙে কাৰ্যসূচীৰ দ্বাৰা বিৰোধীয়ে একো প্ৰভাৱ পেলাব নোৱাৰে ৷ মাজুলী ৰাইজে সকলো বুজি পাইছে ৷
লগতে পঢ়ক : ULFA-I cader surrendered : প্ৰায় ন বছৰে কৰা সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি স্ব-ভূমিলৈ ঘূৰিল চন্দন অসম