পিকনিকস্থলীত মদ খোৱাত বাধা দিয়াটো ঠিক কথা নহয়: অতুল বৰা - liquor in picnic parties

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:50 PM IST

গুৱাহাটী, ২২ ডিচেম্বৰ : ‘‘পিনকনিকস্থলীত মদ নাখাব বুলি কোৱাটো ঠিক কথা নহয় ৷ পিকস্থলীত ল’ৰা-ছোৱালীয়ে মদ খাবই, পিকনিকত ফূৰ্তি কৰিবৰ বাবে মদ অকণমান খালেই বিশৃংখলতাৰ ভিতৰত নপৰে ৷’’ এই মন্তব্য দিছপুৰৰ বিধায়ক অতুল বৰাৰ ৷

বিধায়কগৰাকীয়ে কয় যে আজিকালি ছোৱালীয়েও মদ খায় । কিন্তু মদ খাই যদি অচিনাকি মহিলাক জোকায়, গুণ্ডামি কৰে, সেইবোৰহে বিশৃংখলতা ৷ পিকনিক বুলি সামান্য স্ফূৰ্তি কৰিবই  । পিকনিক বুলি যদি মদ অকণমান নাখায়, ঘৰত কেনেকৈ খাব বুলি মন্তব্য কৰি তেওঁ কয় যে ঘৰত বহুত বাধ্য-বাধকতা থাকে ৷ বিধায়ক বৰাৰ মতে পিকনিকস্থলীত যদি নাখায় তেন্তে ঘৰ নতুবা নামঘৰত খাব নেকি ? উল্লেখ্য যে শুকুৰবাৰে নুনমাটি-চূণচালি পিকনিকস্থলী মুকলি কৰে বিধায়কগৰাকীয়ে ৷ 

লগতে পঢ়ক: নৱবৰ্ষত পাৰ্টী কৰোঁতে সাৱধান; ৰাজপথত থাকিব আৰক্ষীৰ ইন্টাৰচেপ্টৰ আৰু ব্ৰেথ এনালাইজাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.