Bajrangdal gun practice: ভয়াৱহ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে অসম; অখিল গগৈ - Bajrang in Maharshi vidya mandir mangaldoi

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 31, 2023, 2:17 PM IST

যোৰহাট, 31 জুলাই: মণিপুৰৰ কুকি উগ্ৰপন্থীৰে নিৰ্বাচনৰ আগত এগৰাকী বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰে মিলি হিমন্ত বিশ্ব শৰ্মাই কৰা বুজাবুজিৰ কাৰণেই এতিয়া মণিপুৰ অশান্ত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈৰ ৷ লগতে মঙলদৈৰ মহৰ্ষি বিদ্যালয়ত বজৰং দলৰ সদস্যই মুকলিকৈ মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ লোৱা সন্দৰ্ভত সোমবাৰে যোৰহাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । 

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি গগৈয়ে কয় যে, ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাত এতিয়া হিন্দু মৌলবাদ চলিছে 
৷ মহৰ্ষি বিদ্যালয়ৰ প্ৰশিক্ষণে মণিপুৰৰ দৰে অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে অসমক এক ভয়াৱহ দিশলৈ লৈ গৈছে । দৰঙৰ আৰক্ষী অধীক্ষকৰ মৌন সমৰ্থনত মঙলদৈৰ মহৰ্ষি বিদ্যালয়ত এনেদৰে বন্দুকৰ প্ৰশিক্ষণ চলিছিল বুলিও অভিযোগ কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত মাদ্ৰাজ আৰু মছজিদত মৌলবাদ গঢ় লৈ উঠে বুলি দাবী কৰি আহিছে যদিও এতিয়া মুকলিকৈ গঢ়ি উঠা অস্ত্ৰ চালনা প্ৰশিক্ষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া কেনে হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক :   Training in pistol riding: মঙলদৈত বজৰং দলৰ কৰ্মীক বন্দুক চালনাৰ চাৰিদিনীয়া প্ৰশিক্ষণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.