Delimitation of constituencies : সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত অখিল‌ গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Mar 27, 2023, 10:20 PM IST

thumbnail

গুৱাহাটী, 27 মাৰ্চ : দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অসমৰ 11 টা ৰাজনৈতিক দলক লৈ এক বৈঠকত মিলিত হয় ৷ কংগ্ৰেছক বাদ দি বিভিন্ন ৰাজনৈতিক দলে এই বৈঠকত অংশগ্ৰহণ‌ কৰে । অসমৰ বিৰোধী দল এ আই ডি এফ, চি পি আই এম, চি পি আই, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ দলেও এই বৈঠকত অংশগ্ৰহণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিৰোধিতা কৰে (Controversy over constituency delimitation)।

উক্ত বৈঠকত অংশগ্ৰহণৰ পিচত ৰাইজৰ দলৰ‌ সভাপতি অখিল‌ গগৈয়ে 2024 চনত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কয়, ‘‘সাম্প্ৰদায়িক আৰু বৰ্ণবাদী বিজেপি চৰকাৰৰ নেতৃত্বত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব নালাগে’’ (Constituency delimitation of Assam)। তেওঁ আৰু কয়, ‘‘নিৰ্বাচন আয়োগক মোৰ ক’বলগীয়াখিনি সকলো কৈছো । ফলাফল কি হ’ব সকলোৱে জানে । আজিকালি নিৰ্বাচন আয়োগ কাৰ মতে চলে সকলোৱে জানে । এনে লাগিছে আজি এখন নাটকত অংশগ্ৰহণ কৰিব আহিছিলো’’ (MLA Akhil Gogoi reacts on ECI meeting) ৷

লগতে পঢ়ক : Delimitation of constituencies: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগৰ বৈঠক বয়কট কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.