Body found at Raha: ৰহাত পুৱাই উদ্ধাৰ মৃতদেহ - পুখুৰীত পুৱাই উদ্ধাৰ হৈছে এটা মৃতদেহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 28, 2023, 12:23 PM IST

ৰহা, 28 জুলাই : শুকুৰবাৰে পুৱাই ৰহাৰ কৰৈগুৰি পথাৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে এটা মৃতদেহ । পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো । পুখুৰীটোৰ পাৰতে পৰি আছে এজোৰ চেণ্ডেল । এই মৃতদেহটো ৰহাৰ মধ্য টোপাকুছিৰ ময়ুৰ সেনাপতিৰ বুলি অনুমান কৰিছে স্থানীয় ৰাইজে ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে ৰহা আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ ব্যৱস্থা কৰিছে । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিগত তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল ময়ুৰ সেনাপতি ।

বহু বিচাৰ খচাৰ কৰাৰ অন্ততটো কোনো খবৰে লাভ কৰা নাছিল নিৰুদ্দিষ্ট ময়ুৰৰ ৷ কিন্তু শুকুৰবাৰে পুৱাই কৰৈগুৰি পথাৰৰ এটা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷ অৱশ্যে এয়া আত্মহত্যা নে আন কিবা সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : Golaghat Triple murder case update: উপ আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত গঠন বিশেষ তদন্তকাৰী দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.