thumbnail

By

Published : Aug 2, 2023, 7:07 PM IST

ETV Bharat / Videos

Child dead body recovered: বেঁকী নদীত গা ধুবলৈ গৈ শিশুৰ মৃত্যু

জনিয়া, 2 আগষ্ট : কলগাছিয়াৰ সাওঁৰাচৰা গাঁৱৰ বেঁকী নদীত গা-ধুবলৈ গৈ শিশুৰ মৃত্যু ৷ কথমপি প্ৰাণ ৰক্ষা যমজ ভাতৃৰ ৷ বেঁকী নদীৰ প্ৰবল সোঁতত ডুব গৈ মৃত্যুক আকোঁৱালি লয় ইকবাল হুছেইন নামৰ শিশুটোৱে ৷  

ঘটনা অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওঁৰাচৰা গাঁওৰ বেঁকী নদীত গা-ধুবলৈ গৈ নদীৰ প্ৰবল সোঁতত উটি গৈ মঙলবাৰ বিয়লি চাৰি বজাৰ পৰা 10 বছৰীয়া শিশুটো নিৰুদ্দেশ হৈ আছিল ৷ ইয়াৰ পিচতে বুধবাৰে মৃত অৱস্থাত বৰপেটা SDRF বাহিনীয়ে শিশুটোক বেঁকী নদীৰ পৰা উদ্ধাৰ কৰে ৷  জাহিদুল ইছলামৰ পুত্ৰ ইকবাল হাছান (10) আৰু তেওঁৰ যমজ ভাতৃ ইক্ৰামুল হাছান (10), দুয়োজনে একেলগে বিয়লি বেঁকী নদীত গা-ধুবলৈ গৈছিল ৷ 

গা-ধোৱাৰ সময়ত পানীৰ প্ৰবল সোঁতত দুই শিশু পানীত পৰে ৷ পিচত ইক্ৰামুল হাছান নামৰ শিশুটোক ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইকবাল হাছান নামৰ শিশুটি বেঁকী নদীৰ সোঁতত পানীৰ মাজত নিৰুদ্দেশ হয় ৷ এই ঘটনাই অঞ্চলজুৰি শোঁকৰ ছাঁ পেলাইছে ৷ 

লগতে পঢ়ক: Spice Prices Skyrocketed: বজাৰত হোৰা হোৰে বৃদ্ধি পাইছে মছলাৰ দাম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.