Miscreants Terror at Amguri: আমগুৰিত গুপ্তধনৰ সন্ধানত এচাম অন্ধবিশ্বাসী; দুস্কৃতিকাৰীত কাণ্ডত আতংকিত ৰাইজ - গুপ্তধনৰ সন্ধান

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2023, 6:58 PM IST

আমগুৰি, 13 মে’: আমগুৰিত গুপ্তধনৰ সন্ধানত এচাম অন্ধবিশ্বাসী ৷ দুস্কৃতিকাৰীৰ এ‘নেকাণ্ডত আতংকিত হৈ পৰিছে গঁঞা ৰাইজ ৷ আমগুৰিত এইবাৰ গুপ্তধনৰ সন্ধানত নিশা নামি পৰিছে এচাম অন্ধবিশ্বাসী লোক ৷ বাৰীয়ে বাৰীয়ে গাঁত খান্দি বিচাৰি ফুৰিছে গুপ্তধন (Miscreants Terror at Amguri) ৷

এচাম অন্ধ বিশ্বাসী লোকে গাঁত খান্দি, চাকি-বন্তি, ধূপ-ধূনা জ্বলাই সন্ধান কৰিছে গুপ্তধনৰ (Miscreants Terror at Amguri in Sivasagar) ৷ নিশা আমগুৰিৰ নামতি ঢেপৰ গাঁৱৰ হাজৰিকা চুকৰ পাপু হাজৰিকা নামৰ ব্যক্তি গৰাকীৰ ঘৰৰ বাৰীত পাচফালে কোনো অন্ধবিশ্বাসী লোকে গুপ্তধনৰ সন্ধানত দ গাঁতৰ সৃষ্টি কৰে (Searching hidden treasures) ৷ 

গাঁতৰ চাৰিও কাষে এডাল সূতা বন্ধাৰ লগতে ধূপ-ধূনা আৰু চাকি-বন্তি উদ্ধাৰ কৰা হৈছে ৷ অন্ধবিশ্বাসৰ বলি হোৱা একাংশ লোকৰ এনে নিকৃষ্ট কাৰ্যক লৈ শংকিত হৈ পৰিছে পাপু হাজৰিকাৰ পৰিয়ালৰ লগতে লগতে স্থানীয় গঁঞা ৰাইজ ৷ ইতিমধ্যে ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে (Miscreants searching hidden treasures at Amguri) ৷

লগতে পঢ়ক: Demand for OPS in Assam: পুৰণা পেঞ্চন বাহালৰ দাবী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.