Vulture killing: জঘন্য! শগুন নিধন কৰি ভক্ষণৰ পৰিকল্পনা দুষ্কৃতিকাৰীৰ - খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 8, 2023, 10:49 PM IST

মৰাণ, 8 মাৰ্চ: ডিব্ৰুগড়ৰ খোৱাঙত জঘন্য ঘটনা ৷  ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা শগুন খোৱাৰ পৰিকল্পনা দুষ্কৃতিকাৰীৰ (Vulture attempt to killing) ৷ বুধবাৰে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰত বোকাহোলা দিশৰ পৰা যোৱা এদল চৰাইলৈ লক্ষ্য কৰি কোনো দুষ্কৃতিকাৰীয়ে কেটেপা মাৰে ৷ কেটেপাৰ আঘাতত আহত হয় এটা শগুন ৷

জানিব পৰামতে দুষ্কৃতিকাৰী দলটোৱে শগুনটো নিধন কৰি ভক্ষণ কৰাৰ পৰিকল্পনা কৰিছিল (Miscreants plan to kill and eat vultures)। খোৱাং আঞ্চলিক বন বিভাগে এই খবৰটো পোৱাৰ লগে লগে সেই ঠাইত উপস্থিত হৈ আহত শগুনটোক উদ্ধাৰ কৰে । 

অৱশ্যে বন বিভাগৰ দলটো উপস্থিত হোৱালৈ যুৱকৰ দলটো চিনাক্ত কৰিব পৰা নাই । মূৰত আঘাতপ্ৰাপ্ত হোৱা শগুনটোক প্ৰকৃতিপ্ৰেমী ভৰত বৰাই প্ৰাথমিকভাৱে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও সংকটজনক অৱস্থাত আছে শগুনটো । 

বন বিভাগে কিছু বয়স হোৱা শগুনটো শুশ্রূষাৰ দায়িত্ব প্ৰকৃতিপ্ৰেমী ভৰত বৰাক অৰ্পণ কৰিছে । বন বিভাগৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি সমগ্ৰ ঘটনাক লৈ অঞ্চলটোৰ ৰাইজক সতৰ্ক কৰি দিয়া হৈছে যাতে পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি নহয় । পুনৰ এনে ঘটনা সংঘটিত কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কয় বন বিষয়াগৰাকীয়ে । 

লগতে পঢ়ক: Mahabahu Brahmaputra is sick : জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱত ৰুগ্ন হৈ পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.