thumbnail

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:53 PM IST

ETV Bharat / Videos

Jorhat ATM Loot : যোৰহাটত এ টি এম লুটপাত কৰি জ্বলাই দিলে দুৰ্বৃত্তই

যোৰহাট, 11 নৱেম্বৰ : যোৰহাটত পুনৰ দুৰ্বৃত্তৰ তাণ্ডৱ ৷ টহলদাৰী আৰক্ষীয়ে গিজগিজাই থকা তথা চিনামৰা থানাৰ নিচেই সমীপত থকা এটা এচ. বি.আই এ টি এমত দুৰ্বৃত্তই প্ৰৱেশ কৰি লক্ষাধিক টকা লুট কৰি এ টি এমটো জ্বলাই নিৰ্বিঘ্নে ঘটনাস্থলীৰ পৰা আঁতৰি যায় ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত চিনামৰা আৰক্ষী আৰু এচ বি আই কৰ্তৃপক্ষ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ আনহাতে দুৰ্বৃত্তই লুটি নিয়াৰ উপৰিও বহু টকা জুইত যাহ যায় বুলিও অনুমান কৰা হৈছে ৷ উল্লেখ্য, এগৰাকী ব্যক্তিয়ে পুৱা এটিএমটোৰ পৰা টকা উলিয়াবলৈ অহাৰ সময়তে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ঘটনাটো শুকুৰবাৰে নিশা সংঘটিত হৈছিল । তাৎপৰ্যপূৰ্ণ যে চিনামৰা আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত থকা এটা এটি এমৰ পৰা টকা লুটি নিয়া ঘটনাই আৰক্ষীৰ ব্যৰ্থতাকে উদঙাই দিছে ৷

লগতে পঢ়ক : Fake currency seized: নকল টকা বনোৱা মেছিনসহ বিশ্বনাথত গ্ৰেপ্তাৰ 5

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.