Minor Rape case: 13 বছৰীয়া কিশোৰীক ধৰ্ষণ 60 বছৰীয়া বৃদ্ধৰ
🎬 Watch Now: Feature Video
মৰাণ, 13 জুলাই : ডিব্ৰুগড় জিলাৰ লক্ষ্মী নগৰত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে ৷ 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী 13 বছৰীয়া কিশোৰী ৷ 1 নং লক্ষ্মী নগৰৰ নিবাসী ধীৰেণ ওৰফে "বাটা" নামৰ 60 বছৰীয়া বৃদ্ধজনে এই জঘন্য ঘটনা সংঘটিত কৰিছে ৷ জানিব পৰা অনুসৰি ধীৰেণ পেছাত এগৰাকী গাখীৰ বিক্ৰেতা ৷
বুধবাৰেও প্ৰতিদিনৰ দৰে গাখীৰ বিক্ৰী কৰিবলৈ আহি 5 নং লক্ষ্মী নগৰৰ নিবাসী এজন ব্যক্তিৰ ঘৰত মানুহ নথকাৰ সুযোগ লৈ 13 বছৰীয়া এগৰাকী কিশোৰীৰ লগত অসৎ অভিপ্ৰায় চৰিতাৰ্থ কৰে ধীৰেণে ৷ সম্প্ৰতি লম্পট ধীৰেণ দত্তক মিলন নগৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ পাচতেই কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: Ghograpar Police station case: ঘগ্ৰাপাৰ কাণ্ডৰ কিশোৰী পলুৱাই নিয়া যুৱকক জেললৈ নিক্ষেপ