Molestation of Minor Girl: কিশোৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ শিক্ষা বিষয়াৰ বিৰুদ্ধে - Sonitpur
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-07-2023/640-480-19122081-thumbnail-16x9-tez.jpg)
তেজপুৰ,২৮ জুলাই : তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া এগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ এগৰাকী কিশোৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰবি শীল নামৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিৰুদ্ধে ৷ সেই অভিযোগৰ ভিত্তিত শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে শুকুৰবাৰে শোণিতপুৰ জিলা শিশু সুৰক্ষা গোটে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী থানাত ৷ আৰক্ষীয়ে POSCO আইনৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰে ৷
তেজপুৰ আৰক্ষীয়ে আই পি চি ৩৫৪ আৰু POSCO আইনৰ অধীনত ৫৮৭/২৩ মৰ্মে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে শিক্ষা বিষয়াজনে স্বাস্থ্যজনিত কাৰণত চুটি লৈ আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে ৷ কাৰণ বিগত প্ৰায় এসপ্তাহে কাৰ্যালয়ত উপস্থিত হোৱা নাই শিক্ষা বিষয়াগৰাকী ৷ অৱশ্যে এই ঘটনাৰ তদন্তৰ পিচতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।
লগতে পঢ়ক:Kargil Vijay Diwash: তেজপুৰত ব্যতিক্ৰমী ৰূপত কাৰ্গিল বিজয় দিৱস পালন