Minor girl rape: কিশোৰী ধৰ্ষণৰ বিৰুদ্ধে এমাহৰ পূৰ্বেই দাখিল কৰিছিল এজাহাৰ; আৰক্ষীৰ নাই কাণসাৰ
🎬 Watch Now: Feature Video
Published : Oct 3, 2023, 8:07 PM IST
গুৱাহাটী, ৩ অক্টোবৰ: মহানগৰীৰ দক্ষিণগাঁৱত জঘন্য ঘটনা । বিগত ৬ মাহে এগৰাকী ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । আব্দুল হামিদ নামৰ বিবাহিত পুৰুষজনে নিচাযুক্ত দ্ৰব্য খুৱাই কিশোৰীগৰাকীক ধৰ্ষণৰ কৰাৰ অভিযোগ উঠিছে ৷ প্ৰথমে লোকজনে অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃক নিচাযুক্ত দ্ৰব্য খুৱাই লয় ৷ তাৰ পিচতে কিশোৰীগৰাকীক লোকজনে ধৰ্ষণ কৰা অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ।
উল্লেখ্য যে, আব্দুল হামিদ এজন বিবাহিত পুৰুষ ৷ তেওঁৰ দুই সন্তানো আছে ৷ প্ৰথমে কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাইছিল লোকজনে । তাৰ পিচতে এই ঘটনা সংঘটিত কৰে ৷ এই ঘটনাৰ পিচতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ভগদত্তপুৰ আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, যোৱা ২৩ আগষ্টতে কিশোৰীগৰাকীৰ পৰিয়ালে এই গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে গুৰত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক: Child Marriage: বাল্য বিবাহৰ বিৰুদ্ধে ৰঙিয়াত আৰক্ষীৰ পুনৰ অভিযান