Minor boy missing while taking a bath:চূণচালিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ - গুৱাহাটী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-07-2023/640-480-19102596-thumbnail-16x9-gu.jpg)
গুৱাহাটী,২৬ জুলাই: সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হ’ল গুৱাহাটীৰ এটি কিশোৰ । লুইতৰ বুকুত সন্ধান হীন হৈ থকা কিশোৰ জন হৈছে নুনমাটি শালবাৰী অঞ্চলৰ সঞ্জয় চেত্ৰী ৷ জানিব পৰা মতে মঙলবাৰে কিশোৰজনে আন তিনি বন্ধুৰ সৈতে সন্ধিয়াৰ ভাগত চূণচালিৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ গৈছিল ৷ কিন্তু সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হয় কিশোৰটো ।
মঙলবাৰে স্থানীয় লোক আৰু মাছমৰীয়াই ঘটনাটো প্ৰত্যেক্ষ কৰাত কিশোৰটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল ৷ পৰবৰ্তী সময়ত সন্ধানহীন কিশোৰজনৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাক অৱগত কৰে । বুধবাৰে ঘটনাস্থলীত আৰক্ষী আৰু SDRF ৰ লোক উপস্থিত হৈ কিশোৰজনৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান অব্যাহত ৰাখিছে । ইফালে ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে কিশোৰ জনৰ চেণ্ডেল । বৰ্তমানলৈ SDRF এ উদ্ধাৰ কৰিব পৰা নাই কিশোৰজনক।