thumbnail

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:50 PM IST

ETV Bharat / Videos

Minor boy death: পুখুৰীত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি

বৰপেটা,  ৪ ছেপ্টেম্বৰ: বৰপেটাৰ আমৃখোৱাত শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ আমৃখোৱাৰ বৰছলা মুছলিম চুবুৰীত এটা কিশোৰৰ সলিল সমাধি ঘটে ৷ সমনীয়াৰ সৈতে পুখুৰীত গা ধুবলৈ গৈ কিশোৰটো পানীত বুৰি মৃত্যু মুখত পৰে ৷ মৃত কিশোৰটোৰ নাম ধনঞ্জয় বৰ্মন বুলি জানিব পৰা গৈছে ৷ ধনঞ্জয় বৰ্মন আমৃখোৱা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷

মাধৱদেৱৰ তিথি উপলক্ষে আজি বিদ্যালয় বন্ধ আছিল যদিও ছাত্ৰজনে আজি সহপাঠীৰ সৈতে শিক্ষক দিৱসৰ আয়োজনৰ বাবে বিদ্যালয়লৈ যাও বুলি ঘৰৰ পৰা ওলাই আহিছিল ৷ পিচে শিক্ষক দিৱসৰ আয়োজনৰ বাবে ঘৰৰ পৰা ওলাই অহা ছাত্ৰজনে সমনীয়াৰ সৈতে বৰছলা গাঁৱৰ মুছলিম চুবুৰীত পুখুৰীলৈ গা ধুবলৈ গৈছিল ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ গা ধুবলৈ গৈ ঘৰলৈ উভতিল ধনঞ্জয়ৰ নিথৰ দেহ ৷ এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক: Silsako Beel eviction: শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত আপৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.