ডিব্ৰুগড়ত অনুষ্ঠিত নাট মহাৰণ কাৰ্যসূচীত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 10:41 PM IST

thumbnail

ডিব্ৰুগড়, 6 জানুৱাৰী : ডিব্ৰুগড়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে নাট মহাৰণ । শুকুৰবাৰৰ পৰা ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই নাট মহাৰণত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নাট্যগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে । থানেশ্বৰ বৰা আৰু সৱিতা বৰা স্মৃতি ন্যাসৰ সৌজন্যত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা শুকুৰবাৰে উদ্বোধন কৰিলে বলীউডৰ ছুপাৰষ্টাৰ ৰাজা মুৰাদে ৷

ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৩৪ টা বিভিন্ন ভাষা-ভাষীৰ প্ৰতিযোগী দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দৰ্শক হৈ নাটক উপভোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ অভিনেতাসকলক উৎসাহিত কৰিব পৰা যায় বুলিও মন্তব্য কৰে সোণোৱালে । এইদৰে নাট মহাৰণ অনুষ্ঠিত কৰা উদ্যোগতাসকলকো ধন্যবাদ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । সৰ্বানন্দ সোণোৱালৰ সৈতে সাংসদ প্ৰদান বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত কঁকাল ভাঙি বিহু নাচিলে বলীউডৰ অভিনেতা ৰাজা মুৰাদে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.