Sarbananda Sonowal: ডিব্ৰুগড়ত সাংবাদিক তথা দলীয় কৰ্মীৰ সৈতে বিহুৰ জলপান খালে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 17 এপ্ৰিল : শদীয়াৰ পৰা ধুবুৰীলৈ বলিছে এতিয়া ৰঙালীৰ বা (Rangali Bihu in Assam) ৷ ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে । হেঁপাহৰ ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে প্ৰতিজন অসমীয়া । পৰম্পৰা ৰক্ষা কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ।
বিহু বুলি আজি অৰ্থাৎ সোমবাৰে ডিব্ৰুগড়ত সাংবাদিক আৰু দলীয় কৰ্মীক লৈ বিহু অনুষ্ঠিত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal celebrates Bihu) । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ৰ লক্ষ্মী নগৰৰস্থিত বাসগৃহত অনুষ্ঠিত কৰা হ’ল এই বিহুৰ অনুষ্ঠান ।
ডিব্ৰুগড়ৰ সাংবাদিক মহলৰ লগতে দলীয় কৰ্মী আৰু বিভিন্নজনৰ সৈতে একেলগে মত বিনিময় কৰি বিহুৰ জলপান গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । লগতে বিহুৰ স্বকীয়তা বজাই ৰাখি সকলোকে শান্তিপূৰ্ণ আৰু মিলা প্ৰীতিৰে থাকিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Bihu in Dibrugarh)।
লগতে পঢ়ক : Gosai Mela in Raha: ব'হাগৰ প্ৰথম দেওবাৰে ৰহাত আৰম্ভ হ'ল ঐতিহাসিক গোঁসাই উলিওৱা মেলা