Orunodoi card distribution : ধেমাজিত অৰুণোদয় কাৰ্ড বিতৰণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:01 AM IST

Updated : Oct 12, 2023, 11:59 AM IST

thumbnail

ধেমাজি, ১২ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি ষ্টেডিয়ামত অৰুণোদয় ২.০ ৰ অধীনত নতুন হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড বিতৰণ কৰা হয় ৷ এই অৰুণোদয় ২.০ আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷

ধেমাজিত এতিয়ালৈ মুঠ ৪৪০০০ গৰাকী মহিলা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা বুলি সদৰী কৰে ৷ অহা মাহৰ ১০ তাৰিখেই নতুন হিতাধিকাৰীসকলৰ একাউণ্টত অৰুণোদয়ৰ ধন সোমাব ৷ ইয়াৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়ালৰ মহিলাই আৰ্থিকভাৱে সকাহ লাভ কৰিব ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷

ইপিনে কংগ্ৰেছৰ বা অন্য দলৰ বিধায়ক বা কৰ্মীয়ে অমৃত কলহৰ যাত্ৰাত অংশ লোৱা কাৰ্যত ৰাজনীতি গোন্ধ নাই বুলি উল্লেখ কৰে ৷ এয়া কোনো দোষণীয় কাম নহয়, বৰঞ্চ সকলোৱে মহান কামত সহযোগিতা কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

বুধবাৰে আয়োজিত এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জিলা উপায়ুক্ত অংকুৰ ভৰালী আৰু দলটোৰ শীৰ্ষ বিষয়-ববীয়াসকল ৷

লগতে পঢ়ক : Orunodoi scheme 2.0: আক্ষেপ নকৰিব, 2.0ত নোপোৱা সকলে অৰুণোদয় 3.0ত পাব সুবিধা

Last Updated : Oct 12, 2023, 11:59 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.