Cultural University in Majuli: মাজুলীলৈ আহি কিয় খং উঠিল মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ? - নিৰ্মাণৰ মন্থৰ গতি দেখি ক্ষুন্ন মন্ত্ৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18672036-thumbnail-16x9-majuli-aspera.jpg)
মাজুলী, ৪ মে': শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দেওবাৰে মাজুলীত উপস্থিত হৈ নিৰ্মীয়মান সাংস্কৃতিক বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে (Education Minister visited Cultural University )। সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ কামৰ কোনো অগ্ৰগতি নোহোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিচতেই সাংস্কৃতিক বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । বিগত ছমাহে সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ কামৰ অগ্ৰগতি নোহোৱা বুলি চৰ্চা হোৱাৰ মাজতেই ইয়াৰ কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী পেগুৱে ।
নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ছয়মাহেই লাভ কৰা নাই বিশ্ববিদ্যালয়খন অট্টালিকা নিৰ্মাণৰ নক্সা । বিভাগীয় হেমহিৰ বাবে যোৱা ছয়মাহে নক্সা লাভ নকৰাত কাম কৰিব পৰা নাই বুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানে উল্লেখ কৰাৰ পিচতেই মন্ত্ৰী ৰণোজ পেগুৱে বিভাগীয় কৰ্মচাৰীক ধমক দিয়ে । ইয়াৰ পিচতেই তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, এইক্ষেত্ৰত যি সমূহ অসুবিধা আছে অতি সোনকালে সমাধান কৰি নিৰ্মাণ কৰা হ'ব ।
উল্লেখ্য় যে, M/S RAGIA KU ENTERPRISE নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিয়াৰ পাচতেই মাজুলীৰ অভিভাৱক মন্ত্ৰীগৰাকী উপস্থিত হয় এই নিৰ্মাণস্থলীত ।
Assam govt in debt : দ্বিধাহীনভাৱে পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে