thumbnail

By

Published : Dec 8, 2022, 3:40 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Gujrat and Himachal Election: গুজৰাটৰ ফলাফলত প্ৰকাশ পালে প্ৰধানমন্ত্ৰীৰ ওপৰত থকা ৰাইজৰ আস্থা: ৰণজিৎ কুমাৰ দাস

আজি চলি আছে গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা(Gujrat and Himachal Election) ৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ(Minister Ranjit Kumar Dass) ৷ ৰাজ্য দুখনৰ ফলাফল সন্দৰ্ভত সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰি মন্ত্ৰী গৰাকীৰ মন্তব্য, ‘‘ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত থকা আস্থা প্ৰকাশ পালে’’(PM Narendra Modi) ৷ গুজৰাটৰ নিৰ্বাচনী ফলাফলে ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি যে অগাধ বিশ্বাস আৰু স্নেহ আছে সেই কথাকেই পুনৰ প্ৰতিপন্ন কৰিলে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে(Gujrat Assembly Election) ৷ ইফালে নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে নহয়, ৰাইজৰ সেৱক হিচাপে কাম কৰা বুলি মন্তব্য ৰণজিৎ দাসৰ ৷ উল্লেখ্য যে, গুজৰাটত বিজেপিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বৃহৎ জয়ৰ দিশে আগবাঢ়িছে ৷ আনহাতে হিমাচল প্ৰদেশত চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দল(Himachal assembly election) ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.