Constituency delimitation: "সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ৰাইজে ব’ম ফুটাই উল্লাস কৰিব লাগে"- ৰণজিৎ দাস - মূল্যবৃদ্ধি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 11, 2023, 10:31 PM IST

নগাঁও, 11 আগষ্ট : সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ তালিক প্ৰকাশৰ পিচতে শুকুৰবাৰে নগাঁৱত মন্ত্ৰী ৰঞ্জিত দাসে এক সংবাদ মেলৰ আয়োজন কৰে ৷  সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্বাচনী আয়োগক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাইজৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি বহু সমষ্টিৰ নাম সংলগ্ন কৰা হৈছে ৷ অনাগত দিনত অসমবাসী ৰাইজৰ আশা-আকাংক্ষা পূৰ্ণ হ'ব ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিছে ৷ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ আজি ৰাইজে ব’ম ফুটাই উল্লাস কৰিব লাগে ৷

ইয়াৰ পিচতে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰকিবুল হুছেইন অন্ধবিশ্বাসৰ কবলত পৰা মানুহ ৷ 2026 ত কংগ্ৰেছ আৰু সন্মিলিত বিৰোধীয়ে 21 খনৰ ওপৰত আসন নাপায় ৷ এনডিএ য়ে অসমত 105 খন আসন লাভ কৰিব ৷ লোকসভা নিৰ্বাচনত কলিয়াবৰ অৰ্থাৎ কাজিৰঙা আৰু বৰপেটাত প্ৰথমবাৰৰ বাবে বিজেপি জয়ী হ'ব । নগাঁও আমি পুনৰ দখল কৰিম বুলি ৰণজিৎ দাসে দাবী উত্থাপন কৰে ৷ 

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সন্দৰ্ভত মন্ত্ৰী দাসে কয়, "মূল্যবৃদ্ধিৰ বাবে ময়ো উদ্বিগ্ন ৷ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ হ’লে আমি সকলো পথাৰলৈ যাব লাগিব ৷ আমি কৃষক হ’ব নোৱাৰিলেও কৃষিৰ প্ৰতি মনোযোগ দিয়াটো উচিত ৷ সকলোৱে ঘৰতে দুই এটা শাক-পাচলি ৰোৱক ৷"

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.