স্প’ৰ্টছ ডেস্ক: বৃহস্পতিবাৰে পাৰ্লত পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া মেচ ৷ শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰাৰ পিছত এই ধাৰা অব্যাহত ৰখাৰ প্ৰচেষ্টা চলাব পাকিস্তানে ৷
আনহাতে, কেপটাউনৰ নিউলেণ্ডছত অনুষ্ঠিত হ’বলগীয়া মেচখনত জয়ৰ জৰিয়তে শৃংখলাত সমতা স্থাপনৰ চেষ্টা চলাব দক্ষিণ আফ্ৰিকাই ৷
সদ্যসমাপ্ত টি-20 শৃংখলাত পৰাজয়ৰ সন্মুখীন হোৱা পাকিস্তানে এদিনীয়া শৃংখলাত সুন্দৰ প্ৰত্যাৱৰ্তন ঘটাইছে ৷ ভ্ৰমণকাৰী দলটোৱে 3 খন মেচৰ এদিনীয়া শৃংখলাটোত অৰ্জন কৰিছে 1-0 ৰ অগ্ৰগতি ।
পাকিস্তানে প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক 3 উইকেটত পৰাস্ত কৰে । পাকিস্তানী বলাৰসকলে মেচখনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি আয়োজক দলটোক মাত্ৰ 239 ৰাণতে ধৰি ৰাখে ৷ অৱশ্যে পাকিস্তানৰ বেটছমেনসকলেও প্ৰতিপক্ষৰ বলাৰৰ সন্মুখত সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ তথাপিও ছেম আয়ুবৰ শতক (109) আৰু চলমান আঘাৰ (অপৰাজিত 82) অৰ্ধশতকৰ বাবে পাকিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰে ৷
দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ দ্বিতীয় এদিনীয়াৰ বিষয়ে প্ৰয়োজনীয় সকলো তথ্য
- দক্ষিণ আফ্ৰিকা বনাম পাকিস্তানৰ দ্বিতীয় এদিনীয়া কেতিয়া অনুষ্ঠিত হ'ব ?
দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ দ্বিতীয়খন এদিনীয়া বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ।
- দক্ষিণ আফ্ৰিকা বনাম পাকিস্তানৰ দ্বিতীয়খন এদিনীয়া ক'ত অনুষ্ঠিত হ'ব ?
কেপটাউনৰ নিউলেণ্ডছত এই মেচখন অনুষ্ঠিত হ'ব ।
- দক্ষিণ আফ্ৰিকা বনাম পাকিস্তানৰ দ্বিতীয়খন এদিনীয়া কিমান সময়ত আৰম্ভ হ'ব ?
খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 5.30 বজাত আৰম্ভ হ'ব । দক্ষিণ আফ্ৰিকাৰ দৰ্শকৰ বাবে খেলখন স্থানীয় সময় অনুসৰি দুপৰীয়া 2.00 বজাৰ পৰা আৰম্ভ হ'ব ।
- ভাৰতত দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান দ্বিতীয় এদিনীয়াৰ লাইভ ষ্ট্ৰীমিং ক'ত উপভোগ কৰিব ?
জিঅ' চিনেমা এপ আৰু ৱেবছাইটত এই খেলৰ লাইভ ষ্ট্ৰীমিং বিনামূলীয়াকৈ উপলব্ধ হ'ব ।
- ভাৰতত দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান দ্বিতীয় এদিনীয়াৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব ?
এই খেলৰ পোনপটীয়া সম্প্ৰচাৰ উপলব্ধ হ'ব স্প’ৰ্টছ 18 নেটৱৰ্কত ৷
দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ দ্বিতীয় এদিনীয়াৰ বাবে সাম্ভাৱ্য 11-ৰ বাবে দুয়োটা দলৰ সম্ভাৱ্য খেলুৱৈ দল:
পাকিস্তান: আব্দুল্লাহ চফিক, ছেম আয়ুব, বাবৰ আজম, তৈয়ব তাহিৰ, চলমান আঘা, মহম্মদ ৰিজৱান (অধিনায়ক), শ্বাহিন আফ্ৰিদি, নাছিম শ্বাহ, হাৰিছ ৰউফ, মহম্মদ হাচনাইন, আব্ৰাৰ আহমেদ।
দক্ষিণ আফ্ৰিকা: টনি ডি জৰ্জি, ৰিয়ান ৰিকলটন, ৰাছি ভান ডাৰ ডুছেন, এডেন মাৰ্ক্ৰাম (অধিনায়ক), ট্ৰিষ্টান ষ্টবছ, ডেভিড মিলাৰ, হেনৰিখ ক্লাসেন, এণ্ডিল ফেহলুকৱায়ো, কেশৱ মহাৰাজ, কাগিচো ৰাবাডা, ওটানিয়েল বাৰ্টমেন
লগতে পঢ়ক: পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ টেষ্ট দল ঘোষণা; প্ৰথমবাৰৰ বাবে দলত স্থান ফাষ্ট বলাৰৰ