গুৱাহাটী : কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুক লৈ তদন্ত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে সামাজিক মাধ্যম X যোগে শেহতীয়াকৈ চাৰিদিনীয়া ভূটান ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে এই কথা । লগতে মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা যে এতিয়াৰে পৰা ৰাজভৱনৰ সন্মুখত কোনো প্ৰতিবাদৰ অনুমতি দিয়া নহ’ব ।
উল্লেখ্য যে বুধবাৰে অসম কংগ্ৰেছৰ ‘‘ৰাজভৱন চলো’’ কাৰ্যসূচীত ৰাজভৱনৰ সন্মুখত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতেই মৃত্যু হৈছিল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে আৰক্ষীয়ে মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত নিজাববীয়া এফ আই আৰ পঞ্জীয়ন কৰিব ৷ ইয়াৰ উপৰিও প্ৰতিবাদৰ সময়ৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনা কৰি ঘটনাৰ সম্যক তদন্ত কৰিব আৰক্ষীয়ে ।
The institution of the Governor stands above partisan politics. Yesterday, Congress party leaders attempted to forcibly enter Raj Bhavan by breaching police barricades and causing chaos in the vicinity. The police will register an FIR and conduct a thorough inquiry into the…
— Himanta Biswa Sarma (@himantabiswa) December 19, 2024
ৰাজভৱনৰ সন্মুখত হোৱা বুধবাৰৰ পৰিৱেশৰ বাবে কংগ্ৰেছকে একপ্ৰকাৰ জগৰীয়া কৰি নিজৰ X হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে -
“ৰাজ্যপালৰ প্ৰতিষ্ঠান দলীয় ৰাজনীতিৰ উৰ্ধত । কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলায় আৰু সমীপত বিশৃংখলতাৰ সৃষ্টি কৰে ।''
লগতে পঢ়ক : কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ? লগতে পঢ়ক : কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই |
সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই X ত ঘোষণা কৰে, "আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰি ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ সম্যক তদন্ত কৰিব । এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনোধৰণৰ বিক্ষোভৰ অনুমতি দিয়া নহ’ব । ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকা আবণ্টন দিয়া হৈছে ।"
भाजपा शासित असम और उत्तरप्रदेश में लोकतंत्र और संविधान की फिर से हत्या हुई है।
— Rahul Gandhi (@RahulGandhi) December 18, 2024
देश भर में कांग्रेस पार्टी बाबासाहेब और संविधान के समर्थन में सत्याग्रह कर रही है। इस दौरान अत्यधिक पुलिस बल के कारण गुवाहाटी में मृदुल इस्लाम और लखनऊ में प्रभात पांडे, हमारे कांग्रेस कार्यकर्ताओं की… pic.twitter.com/gbqpEJ09s3
বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছ দলে আদানীৰ দুৰ্নীতি, অসমত গাঁৱৰ ৰাইজক স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠনৰ বিৰুদ্ধে আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াইছিল ৷ নিৰস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদীসকলে ৰাজভৱনলৈ যাওতে আৰক্ষীয়ে বাধা দিয়ে প্ৰতিবাদকাৰীক ৷ আৰক্ষীয়ে অতি ওচৰৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতেই কংগ্ৰেছ কৰ্মী, অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হয় ৷
उत्तर प्रदेश में व्याप्त कुशासन के खिलाफ विधानसभा घेराव करने जा रहे कांग्रेस कार्यकर्ताओं पर पुलिस की बर्बरता ने हमारे एक कार्यकर्ता की जान ले ली। गोरखपुर के युवा कांग्रेस कार्यकर्ता प्रभात पाण्डेय जी की मौत अत्यंत हृदयविदारक है।
— Priyanka Gandhi Vadra (@priyankagandhi) December 18, 2024
इसी तरह असम में प्रदर्शन कर रहे कांग्रेस… pic.twitter.com/Kgdhsj24ef
মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি যায় । ৰাহুল গান্ধী, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আদিয়েও ৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোক লৈ সৰৱ হৈ পৰে । যাৰ ফলত কিছু অস্বস্তিত পৰে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ । তাৰ পিছতেই সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা । লগতে ৰাজভৱনৰ সমীপত প্ৰতিবাদ নিষিদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷