স্প’ৰ্টছ ডেস্ক: খেলপথাৰত ভাৰত-পাকিস্তানৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাক লৈ সদায়ে উৎসাহিত হৈ আহিছে ভাৰতীয় অনুৰাগীসকল । এই দুই চিৰপ্ৰতিদ্বন্দ্বী দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা হৈছে তাৰিখ ৷
13 জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ
2025 চনৰ 13 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব খো-খো বিশ্বকাপ । এই কথা ঘোষণা কৰিছে খো-খো ফেডাৰেচন অৱ ইণ্ডিয়াই ৷ উদ্যোক্তাসকলে ঘোষণা কৰা অনুসৰি, 13 জানুৱাৰীত আয়োজক ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ উদ্বোধনী মেচ ।
The stage is set. After the grand opening ceremony, get ready for the clash of the titans as India's Men's Kho Kho team face Pakistan's team on Jan 13th. Don't miss the most awaited match of the season. https://t.co/DMRS2yCTtM
— Kho Kho World Cup India 2025 (@Kkwcindia) December 18, 2024
24 খন দেশৰ অংশগ্ৰহণ
সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব খো খো বিশ্বকাপ 2025 ৷ প্ৰতিযোগিতাখনত 21 টা পুৰুষ আৰু 20 টা মহিলাৰ দলে অংশগ্ৰহণ কৰিব ৷ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আগমন ঘটিব 24 খন দেশৰ প্ৰতিযোগীসকলৰ ৷
জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰশিক্ষণ শিবিৰত সংবাদ মাধ্যমৰ সন্মুখত এই ঘোষণা কৰে খো-খো ফেডাৰেচন অৱ ইণ্ডিয়াই ৷ এই কাৰ্যসূচীত উপস্থিত থাকে কে কে এফ আইৰ সভাপতি সুধাংশু মিত্তাল, সাধাৰণ সম্পাদক এম এছ ত্যাগীৰ লগতে ভাৰতীয় পুৰুষ-মহিলা খো-খো খেলুৱৈসকলৰ উপৰিও তেওঁলোকৰ প্ৰশিক্ষকসকল ৷
19 জানুৱাৰীত ফাইনেল মেচ
খো-খো বিশ্বকাপৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰমদেৱ ডোগ্ৰাই সাংবাদিকক সম্বোধন কৰি এনেদৰে কয়, "গ্ৰুপ পৰ্যায়ৰ খেলসমূহ 13 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । উদ্বোধনী খেলখন 13 জানুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ'ব । ইয়াৰ পিছত 14, 15 আৰু 16 জানুৱাৰীত গ্ৰুপ পৰ্যায়ৰ সকলো খেল অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলখন 17 জানুৱাৰীত, ছেমি ফাইনেলখন 18 জানুৱাৰীত আৰু অন্তিম তথা ফাইনেল মেচখন 19 জানুৱাৰীত অনুষ্ঠিত হ'ব" ৷
Big news! 🎉 Salman Khan joins as the brand ambassador for the Kho Kho World Cup, bringing the energy and excitement to New Delhi from Jan 13-19,2025. Get ready for an action-packed season. https://t.co/KyIraCxXzT
— Kho Kho World Cup India 2025 (@Kkwcindia) December 18, 2024
চলমান খানক ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্ব
খো-খো ফেডাৰেচন অৱ ইণ্ডিয়াই (কে কে এফ আই) বলীউডৰ অভিনেতা তথা চুপাৰষ্টাৰ চলমান খানক খো-খো বিশ্বকাপৰ প্ৰথমটো ছিজনৰ প্ৰচাৰৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বাছনি কৰিছে । এই দায়িত্ব লাভ কৰি তাৰকাগৰাকীয়ে স্বাভাৱিকতে আনন্দিত হৈ পৰে ৷
Brand ambassador of kho kho world cup india 2025.#SalmanKhan pic.twitter.com/w9APFYLPKR
— S𝔸〽️ᓰr (@BhaiEnthusiast) December 18, 2024
"প্ৰথমবাৰৰ বাবে খো-খো বিশ্বকাপ 2025 ৰ সৈতে জড়িত হৈ মই গৌৰৱান্বিত ! এয়া কেৱল এক প্ৰতিযোগিতা নহয় – ই ভাৰতৰ ভূমি, আত্মা আৰু শক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি । মোকে ধৰি আমি সকলোৱে আমাৰ জীৱনৰ কোনো সময়ত খো-খো খেলিছো" বুলি এম্বেচেডৰ হিচাপে দায়িত্ব লাভ কৰাৰ পিছতে চলমান খানে প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
লগতে পঢ়ক: মেলব’ৰ্ণত উপস্থিত হৈয়েই অশান্ত কোহলী; মহিলা সাংবাদিকৰ সৈতে তীব্ৰ বাকবিতণ্ডা