Shri Raghupati: শ্ৰী ৰঘুপতি চাই কি ক’লে মন্ত্ৰী ৰণজিৎ দাসে? - শ্ৰী ৰঘুপতি
🎬 Watch Now: Feature Video
তেজপুৰ, ২১ জুন : "মই বহুদিনৰ পৰাই শ্ৰী ৰঘুপতি চলচ্চিত্ৰখন চাবলৈ পৰিকল্পনা কৰি আছিলো ৷ কিন্তু ব্যস্ততাৰ বাবে সেইয়া সম্ভৱ হৈ উঠা নাছিল ৷ আজি তেজপুৰলৈ আহোঁতেই ভাবিলো ছবিখন চাই যাওঁ ৷ মই প্ৰতিখন অসমীয়া চলচ্চিত্ৰই চাবলৈ প্ৰয়াস কৰো ৷ এই চলচ্চিত্ৰখন অসমৰ ৰাইজে আকোঁৱালি লৈছে ৷" বুধবাৰে তেজপুৰ আই এম পি ছবি গৃহত বৰ্তমান জনপ্ৰিয়তাৰ শিখৰত থকা অভিনেতা ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি ছবি উপভোগ কৰি দাসে এই মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ দাসে ।
শ্ৰী ৰঘুপতিৰ কথা কৈ নষ্টালজিক হৈ পৰিল মন্ত্ৰী ৰণজিৎ দাস ৷ কলেজীয়া জীৱনত চোৱা প্ৰথমখন চলচ্চিত্ৰৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ কলেজীয়া সময়ত ববী, আৰু শ্বোলে ছবি চোৱাৰ কথা মনত পেলালে দাসে ৷ ছবিঘৰত ৰাইজৰ লগত ছবি চোৱাৰ আমেজেই সুকীয়া বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: Assamese New Movie: ৪ দিনতে ১ কোটি ৪০ লাখৰো অধিক উপাৰ্জন শ্ৰী ৰঘুপতিৰ