Loksabha election ’24: পঞ্চতাৰকা হোটেলত ভোজ ভাত খাবলৈহে বিৰোধীয়ে মিত্ৰতা কৰিছিল; পীযুষ হাজৰীকা - Loksabha election ’24 in assam
🎬 Watch Now: Feature Video
Published : Oct 21, 2023, 2:00 PM IST
নগাঁও, 21 অক্টোবৰ: ডাঙৰ ডাঙৰ হোটেলত ভোজ-ভাত খাবলৈহে বিৰোধীয়ে মিত্ৰতা কৰিছিল বুলি বিৰোধী মিত্ৰজোঁটক সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ । কেন্দ্ৰীয়ভাৱে I.N.D.I.A আৰু অসমৰ 12 টাকৈ বিৰোধী দলৰ মিত্ৰতাক কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । শনিবাৰে নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত বিৰোধী ঐক্যক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হাজৰিকাই ।
বিৰোধী ঐক্য গঠন হোৱাৰ পৰাই পূৰ্বানুমান কৰাৰ কথা উল্লেখ কৰি নিৰ্বাচনৰ পূৰ্বেই বিৰোধী ঐক্য নিশ্চিহ্ন হৈ যাব বুলি বিৰোধীক সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । নিৰ্বাচনলৈ বহু দিন বাকী থাকোতেই বিৰোধী ঐক্যত ফাট মেলা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ । লগতে, বিৰোধী ঐক্য গঠন হোৱাৰ কেইদিনমানৰ ভিতৰতে মিত্ৰজোঁট ভাঙিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ।
দিল্লীত কেৱল পিকনিক খাবলৈ I.N.D.I.A ৰ মিত্ৰতা হোৱা বুলি উল্লেখ কৰি অসমত লিলি হোটেলত ভোজ-ভাত খাবলৈ বিৰোধী একগোট হোৱা বুলিও তীৰ্যক মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰীকাই । আনকি আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছে অসমত মাত্ৰ এখন আসনহে লাভ কৰিব বুলিও ভৱিষ্যদ্বাণী কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।
লগতে পঢ়ক: Workers protest in Dibrugarh: পূজাৰ বোনাচ মোকলাই নিদিয়াক লৈ শ্ৰমিকৰ প্ৰতিবাদ