Assam Assembly Autumn session: সকলো পক্ষৰ পৰা সহযোগিতা আহ্বান পীযুষ হাজৰীকাৰ - Panchayati Raj Amendment Bill

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 9:36 PM IST

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: সোমবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । পোন প্ৰথমবাৰৰ বাবে নৱনিৰ্মিত অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব এই অধিৱেশন । দেওবাৰে অধিৱেশন সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । 

সম্পূৰ্ণ অত্যাধুনিক সা-সুবিধাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনখন নৱনিৰ্মিত ভৱনত সুচাৰুৰূপে পৰিচালিত হ’ব বুলি আশাবাদী বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকা ।

আগন্তুক অধিৱেশনত প্ৰায় ২৩ খন বিধেয়ক বিধানসভাত উত্থাপন কৰা হ’ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । নিয়াৰিকৈ যাতে অধিৱেশনখন সম্পন্ন হয় তাৰ বাবে সকলো পক্ষক আহ্বান জনোৱাৰ লগতে বিৰোধী পক্ষৰ পৰা সহযোগিতা বিচাৰে মন্ত্ৰীগৰাকীয়ে । চৰকাৰৰ তৰফৰ পৰা বিৰোধী পক্ষক পূৰ্বৰ দৰেই গুৰুত্ব সহকাৰে সময় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ।

পঞ্চায়তীৰাজ সংশোধন বিধেয়ক, কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈকে ৰূপান্তৰ কৰাকে ধৰি অন্যান্য বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক অধিৱেশনত উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । প্ৰথম দুদিনৰ ভিতৰত এই বিধেয়কসমূহ গৃহীত কৰাৰ বাবে সময় লোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক: Assam Assembly Autumn session: সোমবাৰৰ পৰা নতুন ভৱনত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.