thumbnail

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:24 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰী সদায় মুখ্যই; মন্ত্ৰী পৰিমল শুক্লবৈদ্য

তেজপুৰ, 29 নৱেম্বৰ: "মুখ্যতো সদায় মুখ্যই, মুখ্য এজনেই থাকে" বুলি তেজপুৰত মন্তব্য আগবঢ়ায় পৰিবহণ আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ ৰাস উৎসৱত 126 টা সমষ্টিত নিৰ্বাচন খেলাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াবলৈ গৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়ায় । 

শুক্লবৈদ্যই কয়, "মুখ্যমন্ত্ৰীয়ে ঠিক কথাই কৈছে ৷ 126 টা সমষ্টিত মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতেই অন্যান্য মন্ত্ৰীসকল গৈ আছে । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ উদ্দেশ্য হ’ল তেওঁ সকলোকে একেলগে লৈ এই যাত্ৰা আৰম্ভ কৰিছে  ৷ তেখেতে ভাল কথাই কৈছে ৷" 

মন্ত্ৰী অশোক সিংহল আৰু সাংসদ পল্লৱ লোচন দাসৰ মাজত হোৱা সংঘাত এতিয়া তুংগত উঠা সন্দৰ্ভত শুক্লবৈদ্যই মন্তব্য কৰে, "তেওঁ বিগত 40 বছৰ ৰাজনীতিত আছে আৰু ক’তো বিজেপি দলৰ মাজত সংঘাত  হোৱা নাই ৷" একেই প্ৰসংগত শুক্লবৈদ্যই কোনোবাই বেয়া পালেও মনৰ পৰা কেতিয়াও বেয়া নাপায় বুলি এক দায়সৰা মন্তব্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰে ।

লগতে পঢ়ক: মই আপোনাক উৎসাহিত কৰিছো যে আপুনি কেতিয়াও মদ নাখাব;গাখীৰ খাব: পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.