Nandita Garlosa at Kaliabor: কলিয়াবৰৰ তিনি প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ - আহোম যুগৰ বৰটোপ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 27, 2023, 12:48 PM IST

কলিয়াবৰ, 27 জুলাই : কলিয়াবৰত বুধবাৰে বিয়লি উপস্থিত হয় প্ৰত্নতাত্বিক বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা । কলিয়াবৰৰ তিনিটা স্থানৰ ঐতিহাসিক দেৱালয় পৰিদৰ্শন কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে । কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়ৰ লগতে হাতীমূৰা দুৰ্গামন্দিৰ আৰু জখলাবন্ধাৰ নৃসিংহ দেৱালয় পৰিদৰ্শন কৰাৰ লগতে মন্দিৰটোৰ সৌন্দৰ্যবৰ্দ্ধন আৰু উন্নয়নৰ হকে অসম চৰকাৰে পৰিকল্পনা হাতত লৈছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী গাৰ্লোচাই ৷

বুধবাৰে কলিয়াবৰ ভ্ৰমণৰ কালচোৱাত মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে উপস্থিত থাকে অসম প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দিপি ৰেখা কুলী ৷ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত অসম প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰে যে শিলঘাটৰ এখন চাহ বাগিচাৰ দখলত থকা ভালেমান ঐতিহাসিক সমল আছে ৷ সেই সমূহ উদ্ধাৰৰ বাবে সঞ্চালকালয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

বিশেষকৈ কলিয়াবৰ চাহ বাগিচাখনত আহোম যুগৰ বৰটোপ, শিলৰ ভাস্কৰ্য আৰু এটা সূৰ্য ঘড়ীসহ ভালেমান সমল আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Ganga aarti: বাৰাণসীত সলনি কৰা হৈছে গংগা আৰতিৰ স্থান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.