Summer Workshop 2023: সত্ৰীয়া সংস্কৃতি চৰ্চা অব‍্যাহত ৰখাত সহায়ৰ আশ্বাস কেশৱ মহন্তৰ

🎬 Watch Now: Feature Video

thumbnail

কলিয়াবৰ, ২৫ জুলাই: গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ছাত্র-ছাত্রীক সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ  হৈছে । সোমবাৰে কুঁৱৰীটোল উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয় আৰু কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, হাটবৰৰ কৰ্মশালাস্থলীত উপস্থিত হৈ কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে ।  

এই কৰ্মশালাৰ জৰিয়তে গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ‍্য বান্ধি লোৱা হৈছে‌ । কলিয়াবৰৰ দৰে সত্ৰীয়া সংস্কৃতিৰ চৰ্চাস্থলীত সত্ৰীয়া নৃত‍্য, বৰগীত-অংকীয়া গীত আৰু খোল বাদ‍্যৰ প্ৰশিক্ষণৰ জৰিয়তে কলিয়াবৰৰ ঐতিহাসিক ধাৰাটো আগবঢ়াই লৈ যোৱাত সহায়ক হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে ভৱিষ‍্যতে সত্ৰীয়া সংস্কৃতি চৰ্চা অব‍্যাহত ৰাখিবৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।

মন্ত্ৰীগৰাকীয়ে জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত ফ্ৰেণ্ডশ্বিপ ক্লাৱ, জখলাবন্ধাই আয়োজন কৰা সত্ৰীয়া নৃত‍্য আৰু খোলবাদন কৰ্মশালাত উপস্থিত হৈ প্ৰশিক্ষাৰ্থী আৰু কৰ্ম-কৰ্তাসকলৰে মত বিনিময় কৰি উৎসাহিত কৰে । উল্লেখযোগ্য যে, বিধানসভা সমষ্টিভিত্তিক এই গ্ৰীষ্মকালীন কৰ্মশালা ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিৰ ২৫২ টা স্থানত অনুষ্ঠিত  হৈছে । ঘাইকৈ এই কৰ্মশালাত নাটক, আবৃত্তি, সত্ৰীয়া নৃত্যৰ লগতে পৰম্পৰাগত লোক নৃত্যৰ প্ৰশিক্ষণ ছাত্র-ছাত্ৰী সকলক প্ৰদান কৰা হ’ব । ১৫ জুলাইৰ পৰা দহ দিনৰ বাবে অনুষ্ঠিতব্য এই কৰ্মশালাৰ বাবে স্থানীয়ভাৱে প্ৰশিক্ষক নিয়োজিত কৰা হৈছে ।

লগতে পঢ়ক:Mob lynching in Morigaon: গণ প্ৰহাৰত ছাদ্দাম হুছেইনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.