ৰাজনৈতিক দলে কুচ কাৱাজ কৰেই, অসমত আমি চিন্তা কৰিব লাগিব বুলি নাভাবো : কেশৱ মহন্ত - ভাৰত জোড়ো ন্যায় যাত্ৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 1:15 PM IST

হোজাই, 19 জানুৱাৰী: বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2023 ৰ অধীনত ৰেচন কাৰ্ড বিতৰণ কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ৷ হোজাই জিলাখনত বৃহস্পতিবাৰে অসমৰ স্বাস্থ্য বিভাগৰ মন্ত্রী কেশৱ মহন্তই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2023 ৰ অধীনত ৰেচন কাৰ্ড বিতৰণ কৰাৰ বাবে হোজাই জিলাত উপস্থিত হৈছিল । 

এই অনুষ্ঠানত ৰাহুল গান্ধীৰ অসম ভ্ৰমণ তথা ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "যি মূলা বাঢ়ে তাৰ দুপাততে চিন । বাকী 5 খন ৰাজ্যৰ নিৰ্বাচনত আমি চিনটো পালো । ৰাজনৈতিক দলে কুচ কাৱাজ কৰেই । আমি তাত চিন্তা কৰিবলগীয়া একো নাই‌ । অসমত আমি চিন্তা কৰিব লাগিব বুলি নাভাবো । ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি ইয়াক প্ৰত্যাহ্বান বুলি নাভাবো । আমি প্ৰত্যেক দিনাই চৰকাৰী অনুষ্ঠান অনুষ্ঠিত কৰিম । তেতিয়াহে ৰাইজৰ বাবে আৱন্টিত সেৱাসমূহ আগবঢ়াব পাৰিম ।"

লগতে পঢ়ক: প্ৰথম পৃষ্ঠাৰ খবৰহে আমি বেছি গুৰুত্ব দিওঁ : সাংসদ গৌৰৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.