Bihar train accident: ৰে’ল দুৰ্ঘটনাৰ পাছত বিহাৰ প্ৰশাসনৰ সৈতে যোগাযোগ অসম চৰকাৰৰ: মন্ত্ৰী যোগেন মহন

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 3:30 PM IST

thumbnail

ডিব্ৰুগড়, 12 অক্টোবৰ : বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰত নৰ্থ ইষ্ট এক্সপ্ৰেছৰ কেইবাটাও দবা লাইনচ্যুত হৈ সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ বিহাৰৰ এই ৰে'ল দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷

মন্ত্ৰীগৰাকীয়ে এই ঘটনাক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এই দুৰ্ঘটনা অনাকাংক্ষিত ৷ দুৰ্ঘটনাৰ বিষয়ে সবিশেষ খবৰ লৈ আছে দুৰ্যোগ প্ৰশমন বিভাগে ৷ দুৰ্ঘটনাগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে ইতিমধ্যে SDRF বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান ৷ লগতে বিহাৰ প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখিছে অসম চৰকাৰে ৷

উল্লেখ্য যে, এই ৰে'ল দুৰ্ঘটনাত প্ৰায় ২০ টাকৈ দবা লাইনচ্যুত হয় ৷ দুৰ্ঘটনাত ১০০ ৰো অধিক যাত্ৰী আহত হয় ৷ লগতে দুৰ্ঘটনাটোত প্ৰায় ৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

লগতে পঢ়ক : Buxar Train Accident : বক্সাৰ ৰে'ল দুৰ্ঘটনাত ষড়যন্ত্ৰৰ সন্দেহ, উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.