Foundation stone of Moran road : অইল ইণ্ডিয়াৰ পুঁজিৰে মৰাণত পথৰ আধাৰশিলা - অইলৰ চি এছ আৰ আঁচনি
🎬 Watch Now: Feature Video
Published : Nov 11, 2023, 10:25 PM IST
মৰাণ, ১১ নৱেম্বৰ : চৰকাৰে উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰা বুলি দাবী কৰা সময়তে খোদ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে নিজ সমষ্টিত পথ নিৰ্মাণত ব্যৰ্থ হৈছে । সমষ্টিটোৰ মূল পথ সমূহৰ অৱস্থা বিধ্বস্ত হৈ পৰিছে । ৰাইজৰ অভিযোগ অনুসৰি দুবাৰকৈ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিও নিজৰ মাহমৰা সমষ্টিৰ মূল পথ সমূহ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই মন্ত্ৰী যোগেন মহন ।
মাহমৰা সমষ্টিটোৰ মাজেৰে যোৱা মূল মৰাণ চহৰৰ পৰা চৰাইদেউ সোণাৰি সংযোগী পথটো বিগত কেইবছৰ ধৰি অইল ইণ্ডিয়া কৰ্তৃপক্ষই নিৰ্মাণ কৰি আহিছে । অইল ইণ্ডিয়াৰ পুঁজিৰে পুনৰ আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ আৰু মৰাণ অইল সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে ।
অইলৰ চি এছ আৰ আঁচনিৰ তৃতীয় কিস্তিত ১০ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া তিনি কিলোমিটাৰ পথটোৰ আধাৰশিলা কাৰ্যসূচীত সাংসদ তপন গগৈ, বিধায়ক তেৰছ গোৱালা উপস্থিত থাকে । বিধায়ক পুঁজিৰে সমষ্টি উন্নয়ন কৰিব নোৱাৰিলেও অইল ইণ্ডিয়াৰ আশীৰ্বাদত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি আজিৰ দিনটো মৰাণৰ ৰাইজৰ বাবে উল্লেখযোগ্য দিন বুলিও কয় মন্ত্ৰী যোগেন মহনে ।