ধৰ্মপুৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 9:58 PM IST

নলবাৰী, 13 ডিচেম্বৰ : নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত বুধবাৰৰ দিনটোত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ বুধবাৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিটোৰ বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

প্ৰথমে সমষ্টিটোৰ কৈঠালকুছিত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাছতেই সন্ধিয়া বৰনদী পঞ্চায়তত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত অনুষ্ঠিত হোৱা সমষ্টি ভিত্তিক সাংস্কৃতিক মহাৰণৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ 

মন্ত্ৰী গৰাকীয়ে দুয়োটা স্থানতে অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা কেবাগৰাকীও হিতাধিকাৰীৰ লগত বাৰ্তালাপ কৰে ৷ 

লগতে পঢ়ক : নতুন বছৰত ডিব্ৰুগড়ত এক লাখ ৭৫ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড : ৰণজিৎ কুমাৰ দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.